মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘চৰিয়াই গাল ফালি দিম, বান্ধি লৈ যাম তোক’- বানাক্ৰান্তৰ ওপৰত দাদাগিৰি লখিমপুৰৰ বিধায়ক উত্‍পল দত্তৰ

‘চৰিয়াই গাল ফালি দিম, বান্ধি লৈ যাম তোক’- বানাক্ৰান্তৰ ওপৰত দাদাগিৰি লখিমপুৰৰ বিধায়ক উত্‍পল দত্তৰ

News18 Assam | News18-Assam
Updated:August 9, 2020, 12:32 AM IST
‘চৰিয়াই গাল ফালি দিম, বান্ধি লৈ যাম তোক’- বানাক্ৰান্তৰ ওপৰত দাদাগিৰি লখিমপুৰৰ বিধায়ক উত্‍পল দত্তৰ
বানাক্ৰান্তৰ খবৰ ল’বলৈ গৈ দাদাগিৰি দেখুৱালে লখিমপুৰৰ অগপ বিধায়ক উত্‍পল দত্তই।

বানাক্ৰান্তৰ খবৰ ল’বলৈ গৈ দাদাগিৰি দেখুৱালে লখিমপুৰৰ অগপ বিধায়ক উত্‍পল দত্তই।

  • Share this:
বানাক্ৰান্তৰ খবৰ ল’বলৈ গৈ দাদাগিৰি দেখুৱালে লখিমপুৰৰ অগপ বিধায়ক উত্‍পল দত্তই। বানাক্ৰান্তই তেওঁলোকৰ অভাৱ অভিযোগৰ বিষয়ে বিধায়কগৰাকীৰ আগত কৈ থাকোতেই খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়ক উত্‍পল দত্ত। হাত জোকাৰি জোকাৰি বিধায়ক উত্‍পল দত্তই বানাক্ৰান্তক উদ্দেশ্যি কয় যে, ‘চৰিয়াই গাল ফালি দিম, বান্ধি লৈ যাম তোক, মনে মনে থাক। এনেকুৱা কথা নকবি। ননচেন্স বুলি কলো তোক।’

বিধায়কৰ এনে আচৰণ দেখি হতবাক হৈ পৰে উপস্থিত ৰাইজ। শুকুৰবাৰে বানে জুৰুলা কৰা ঐতিহাসিক ঘূণাসূতীৰ নাহৰনীলৈ গৈছিল বিধায়ক উত্‍পল দত্ত। কিন্তু বানাক্ৰান্তই বিধায়কগৰাকীক বান সাহায্য নোপোৱাৰ লগতে বিভিন্ন সা-সামগ্ৰী ৰাইজৰ পৰিৱৰ্তে কেৱল বিধায়ক দত্তৰ অনুগত সকলেহে লাভ কৰা বুলি অভিযোগ কৰে।



কিন্তু বানাক্ৰান্তই নিজৰ দুখ-দুৰ্দশাৰ কথা বৰ্ণনা কৰাটো সহ্য নহ’ল বিধায়ক উত্‍পল দত্তৰ। আনকি প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে ৰঙা চকুহে দেখুৱাই বিধায়কগৰাকীয়ে। বিধায়ক দত্তক বিভিন্ন প্ৰশ্ন কৰিছিল ডিলকু কুটুম নামৰ স্থানীয় এজন যুৱকে।

উল্লেখযোগ্য যে, উত্‍পল দত্ত লখিমপুৰ বিধানসভা সমষ্টিত দীৰ্ঘদিন ধৰি বিধায়ক হৈ আছে।  বিধায়কগৰাকীয়ে অত বছৰে বান বিধ্বস্ত লখিমপুৰ বিধানসভা সমষ্টিত বানপানী সমস্যাৰ সমাধানৰ বাবে কোনো পদক্ষেপেই ল’ব নোৱাৰিলে। নিৰ্বাচনৰ সময়ত ৰাইজলৈ মনত পৰা বিধায়ক উত্‍পল দত্তই সমষ্টিত সকাম, বিয়া খাইয়েই বাকী সময় পাৰ কৰে বুলি বিভিন্ন জনে অভিযোগ কৰে।
Published by: Himangshu Bhuyan
First published: August 8, 2020, 4:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি