• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাল খবৰ! লখিমপুৰ মেডিকেল কলেজলৈ নেচনেল মেডিকেল এছচিয়েশ্যনৰ স্বীকৃতি,  ১০০ আসনেৰে চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'ব পাঠদান

ভাল খবৰ! লখিমপুৰ মেডিকেল কলেজলৈ নেচনেল মেডিকেল এছচিয়েশ্যনৰ স্বীকৃতি,  ১০০ আসনেৰে চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'ব পাঠদান

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম MBBSৰ ১০০খন আসনেৰে চলিত শিক্ষাবৰ্ষৰ পৰাই পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰাকৈ এনএমএই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে।

  • Share this:
শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ৰাজ্যবাসীলৈ আহিছে এক সুখবৰ। অসমৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডত নতুন মাত্ৰা সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় চিকিৎসা সংস্থা (নেছনেন মেডিকেল এছ'চিয়েচন বা এনএমএ)ৰ স্বীকৃতি।

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম MBBSৰ ১০০খন আসনেৰে চলিত শিক্ষাবৰ্ষৰ পৰাই পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰাকৈ এনএমএই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসা সংস্থাই এই সন্দৰ্ভত প্ৰেৰণ কৰা এখন অনুমতি পত্ৰ সোমবাৰে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ে লাভ কৰে।

ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয় হিচাপে নৱনিৰ্মিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে আনুষ্ঠানিক স্বীকৃতি লাভৰ পাছত অসমত বছৰি এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মুঠ আসনৰ সংখ্যা ১,১০০খনলৈ বৃদ্ধি পালে।

ইফালে, নতুন চিকিৎসা মহাবিদ্যালয়খনে এনএমএৰ স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এনএমএৰ প্ৰতি ধন্যবাদ জ্ঞাপনৰ লগতে ৰাজ্যবাসীকো অভিনন্দন জনাইছে।
Published by:Himangshu Bhuyan
First published: