প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ তিনি মিনিটৰ ভিতৰত প্ৰবিত্ৰ কামান নামৰ যুৱকজনে খাই শেষ কৰিলে তিনি বটলকৈ চুলাই ৷ কিন্তু বিজয়ী ঘোষণা হোৱাৰ লগে লগে মাটিত ঢলি পৰে যুৱকজন। কিছু সময়ৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰে পবিত্ৰই।
এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সৰৱ হৈ পৰিল মিচিং জাতীয় সংগঠন সমূহ ৷ এফালৰ পৰা চুলাই ঘাটি উচ্ছেদ কৰাৰ অভিযান চলালে অঞ্চলটোৰ সচেতন যুৱক সকলে ৷ TMPK, TMMK ৰ উদ্যোগত অঞ্চলটোত বহু দিনৰ পৰা অবাধে চলি থকা চুলাই ভাটি আৰু জুৱাৰ আড্ডাৰস্থলী আৰক্ষীয়ে উচ্ছেদ কৰে।
উল্লেখ্য যে, আৰক্ষী প্ৰশাসনে কঠোৰ ভাবে নিষিদ্ধ কৰা চুলাই এই অঞ্চলটোত কেনেকৈ মুক্ত ভাবে চলি আছিল সেয়া ৰহস্যজনক ৷