
ৰাজ্যত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট আয়োগৰ অনুমোদনত বিহপুৰীয়াত নিৰ্মাণ কৰা হ’ব বহুমুখী বান আশ্ৰয় গৃহৰ
ৰাজ্যত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট আয়োগৰ অনুমোদনত বিহপুৰীয়াত নিৰ্মাণ কৰা হ’ব বহুমুখী বান আশ্ৰয় গৃহৰ
ৰাজ্যত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট আয়োগৰ অনুমোদনত বিহপুৰীয়াত নিৰ্মাণ কৰা হ’ব বহুমুখী বান আশ্ৰয় গৃহৰ। বিহপুৰীয়াৰ ধুনাগুৰীত শুকুৰবাৰে আশ্ৰয় গৃহ নিৰ্মাণৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২ কোটি ৫১ লাখ টকা ব্যয়েৰে ১০ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব এই আশ্ৰয়গৃহ। প্ৰায় ৪০০ বান বিধস্ত লোকে আশ্ৰয় লব পাৰিব অত্যাধুনিক গৃহটোত।
বানপানীত জুৰুলা হোৱা কেৱল মানুহেই নহয়, জীৱ জন্তুও ৰাখিব পাৰিব এই গৃহত। প্ৰয়োজনত হেলিকপ্তাৰ যোগে খাদ্য যোগান ধৰাৰ বাবে দুমহলীয়া অত্যাধুনিক গৃহৰ ওপৰত থাকিব হেলিপেডৰ ব্যৱস্থা। ৫ হাজাৰ স্কোৱাৰৰ গৃহত বানপানীৰ সময়ত আশ্ৰয় লব পাৰিব নৈ পৰিয়া ৰাইজে। ২০১৯-২০ বৰ্ষত অনুমোদিত তিনিটা গৃহৰ প্ৰথমটো অত্যাধুনিক গৃহৰ প্ৰথমটো শুভাৰম্ভ হ'ল শুকুৰবাৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|