কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰিয় আঁচনি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকলৈ আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আঁচনিৰ অধীনত কিস্তি লাভ কৰিবলৈ যোগ্য হিতাধিকাৰীসকলক চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ খেতি মাটিৰ তথ্যসমূহ পিএম কিষাণৰ তালিকাত অনতিপলমে সংযুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সেয়েহে লখিমপুৰ জিলাৰ সকলো যোগ্য পিএম কিষাণ হিতাধিকাৰীক তেওঁলোকৰ মাটিৰ জমাবন্দিৰ নথি, PM kisan পঞ্জীয়ন নম্বৰ নিজ নিজ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ হাতত ৩১ আগষ্টৰ ভিতৰত জমা দিবলৈ জিলা কৃষি বিষয়া মোহন ডেকা বৰুৱাই আহ্বান জনাইছে।
ইফালে এতিয়াও যিসকল হিতাধিকাৰীয়ে e-KYC সম্পন্ন কৰা নাই, সেইসকলক ওচৰৰ ৰাজহুৱা সেৱা কেন্দ্ৰত e-KYC সম্পন্ন কৰিবলৈ আহ্বান জনাইছে লখিমপুৰ জিলা PM কিষাণৰ নডেল বিষয়া ঘনশ্যাম দত্তই।
উল্লেখ্য যে, বৰ্তমান লখিমপুৰ জিলা কৃষি বিভাগৰ ফালৰ পৰা পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰীক e-KYC সম্পন্ন কৰিবলৈ সজাগতা সভা আয়োজন কৰি থকা হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 22, 2022, 14:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।