লাফিকুল ইছলামৰ হত্যাকাণ্ডত কোন ৰাজনৈতিক নেতা জড়িত? - চাঞ্চল্যকৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

মন্ত্ৰী হিমন্তৰ এই চাঞ্চল্যকৰ ঘোষণাৰ পিছত এতিয়া সৰৱ বিৰোধী কংগ্ৰেছ৷
মন্ত্ৰী হিমন্তৰ এই চাঞ্চল্যকৰ ঘোষণাৰ পিছত এতিয়া সৰৱ বিৰোধী কংগ্ৰেছ৷
- News18 Assam
- Last Updated: November 17, 2020, 9:32 PM IST
মন্ত্ৰী হিমন্তৰ এই চাঞ্চল্যকৰ ঘোষণাৰ পিছত এতিয়া সৰৱ বিৰোধী কংগ্ৰেছ৷ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে মঙলবাৰে উভতি ধৰিলে হিমন্ত বিশ্ব শৰ্মাক৷ বিধায়ক শ্বেৰমানে ক'লে- “ ২০১৭ চনতেই লাফিকুল ইছলামক হত্যা কৰিছিল দুৰ্বৃত্তই৷ এই হত্যাকাণ্ডক লৈ ইমান দিনে ক'ত আছিল চৰকাৰ? এতিয়া হঠাতে কিয় মনত পৰিছে লাফিকুলক? ইমান দিনে কিয় হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰিলে এইখন চৰকাৰে৷ এয়াই ৰাজনীতি এই BJP চৰকাৰৰ৷”
ইমানতে শান্ত নাথাকিল বিধায়ক শ্বেৰমান আলী আহমেদ৷ শ্বেৰমানে ক'লে- “লাফিকুল হত্যাকাণ্ডৰ তদন্তক লৈ ৰাজনীতি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ BJP–এ ভৰিৰ মাটি হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে৷ লগতে BTRৰ নিৰ্বাচন জয়ী হোৱাৰ অংকতেই হিমন্তৰ এই ৰাজনীতি আৰম্ভ কৰিছে৷”