চুবুৰীয়াৰ বাৰ্থডে’ পাৰ্টীলৈ গৈ ছমাহ আগত সৰকাইছিল ফাষ্টট্ৰেকৰ ঘড়ী, সোণৰ অলংকাৰ, চুৰি সামগ্ৰী পিন্ধি টিকটক কৰি ৰঙাঘৰৰ আলহী গুৱাহাটীৰ যুৱতী

ছমাহ আগতে চুৰি কৰিছিল চুবুৰীয়াৰ ঘৰৰ পৰা।
ছমাহ আগতে চুৰি কৰিছিল চুবুৰীয়াৰ ঘৰৰ পৰা।
- News18 Assam
- Last Updated: June 11, 2020, 8:13 PM IST
৬মাহ পূৰ্বে ডিচেম্বৰ মাহত জন্মদিনৰ অভ্যৰ্থনা অনুষ্ঠানলৈ গৈ চেগ বুজি যুৱতীগৰাকীয়ে চুৰি কৰিছিল মূল্যবান ফাষ্টট্ৰেকৰ ঘড়ী, ২ টা আঙুঠি,কাণফুলি আদি । বৰবাৰী মেগজিনৰ জুৰি ডেকাৰ ঘৰত অনুস্থিত হোৱা জন্মদিনৰ অভ্যৰ্থনালৈ গৈ সন্ধ্যা বৰ্মা নামৰ যুৱতী গৰাকীয়ে এই সামগ্ৰীসমূহ চুৰি কৰিছিল। মহানগৰীৰ বৰবাৰী মেগজিনতে ঘৰ চুৰুণী অভিযুক্ত যুৱতী গৰাকীৰ। জুৰি ডেকা আৰু সন্ধ্যা বৰ্মাৰ ঘৰ লগালগি সেই সম্পৰ্কে নিমন্ত্ৰণ জনোৱা হৈছিল সন্ধ্যাক।
পিছে জন্মদিনৰ পাৰ্টী খাবলৈ গৈ হাতলৰ স্বভাৱ এৰিব নোৱাৰা সন্ধ্যা বৰ্মাই চুৰি কৰি অনা সামগ্ৰীসমূহ পৰিধান কৰি টিক টক কৰাৰ কাৰণে ধৰা পেলোৱাত সহজ হ’ল। গোচৰীয়া জুৰি ডেকাৰ এজাহাৰৰ ভিত্তিত সন্ধ্যা বৰ্মাক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘৰত অভিযান চলাই উদ্ধাৰ কৰা হৈছে থানাত নথিভুক্ত চুৰি হোৱা সামগ্ৰী সমুহ।
যোৱানিশা টিকটকত চুৰি কৰা সামগ্ৰী সমুহৰে ভিডিও আপলোড কৰি অৱশেষত ৰঙাঘৰৰ আলহী হ’ল মহানগৰীৰ এইগৰাকী ছচিয়েল মিডিয়াৰ অনুৰাগী চুৰুণী।