ধন থাকিলেই নহয়, ভাল কামৰ বাবে লাগে এটা ধুনীয়া মন, ডিগবৈত এগৰাকী মহিলা চিকিৎসকে পূজাত শিশুসকলক দিলে ডাঙৰ উপহাৰ

News18 Assam | News18-Assam
Updated:October 25, 2020, 11:06 AM IST
ধন থাকিলেই নহয়, ভাল কামৰ বাবে লাগে এটা ধুনীয়া মন, ডিগবৈত এগৰাকী মহিলা চিকিৎসকে পূজাত শিশুসকলক দিলে ডাঙৰ উপহাৰ
সকলোৱে ডাঃ ৰশ্মিতা উপাধ্যায় এনে মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে।

সকলোৱে ডাঃ ৰশ্মিতা উপাধ্যায় এনে মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে।

  • Share this:
ধন থাকিলেই সকলো সম্ভৱ নহয়। ভাল কামৰ এটা ভাল মনো থাকিব লাগিব। ডিগবৈত মহানুভৱতা নিৰ্দশন দেখুৱালে এগৰাকী মহিলা চিকিৎসক ডাঃ ৰশ্মিতা উপাধ্যায়ে। ডিগবৈ বালিজান পূৱেৰুণ প্ৰাথমিক বিদ্যালয়ত ডাঃ ৰশ্মিতা উপাধ্যায়ে তেওঁৰ পিতৃ স্বৰ্গীয় মিত্ৰ লাল উপাধ্যায় আৰু মাতৃ স্বৰ্গীয় হৰি দেৱী  উপাধ্যায়ৰ পবিত্ৰ স্মৃতিত "মিত্ৰ হৰি শিশু উদ্যান" নামেৰে এখন উদ্যান শিশুসকলৰ মানসিক–শাৰীৰিক উৎকৰ্ষ বিকাশ সাধন হোৱাৰ উদ্দেশ্যৰে স্থানীয় শিশুসকলক পূজাৰ উপহাৰ হিচাপে প্ৰদান কৰে।

এই উদ্যানখনৰ শুভ উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ নাৰায়ণ উপাধ্যায়ে। পূৱেৰুণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শংকৰ প্ৰসাদ উপাধ্যায়ে আঁত ধৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক সুধানন্দ স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে ডাঃ নাৰায়ণ উপাধ্যায়, বিশিষ্ট অতিথি ৰূপে নাৰায়ণ শৰ্মা, তেজ বাহাদুৰ ছেত্ৰী, দিবাকৰ ছেত্ৰী, শিৱ উপাধ্যায় প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত সকলোৱে ডাঃ ৰশ্মিতা উপাধ্যায় এনে মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে।
Published by: Sanjay Kumar Das
First published: October 25, 2020, 11:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading