মহানগৰীত যিকোনো হোটেল বা ৰেষ্টুৰেণ্টৰ ৱাশ্বৰুম ব্যৱহাৰ কৰিব পাৰে মহিলা-শিশুৱে

দেশৰ আটাইতকৈ পৰিষ্কাৰ ২০খন নগৰীৰ ভিতৰত গুৱাহাটীৰ নাম অন্তর্ভুক্ত কৰিবলৈ নিগমৰ পদক্ষেপত সহযোগ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়।

News18-Assam
Updated:July 24, 2019, 7:51 AM IST
মহানগৰীত যিকোনো হোটেল বা ৰেষ্টুৰেণ্টৰ ৱাশ্বৰুম ব্যৱহাৰ কৰিব পাৰে মহিলা-শিশুৱে
দেশৰ আটাইতকৈ পৰিষ্কাৰ ২০খন নগৰীৰ ভিতৰত গুৱাহাটীৰ নাম অন্তর্ভুক্ত কৰিবলৈ নিগমৰ পদক্ষেপত সহযোগ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়।
News18-Assam
Updated: July 24, 2019, 7:51 AM IST
বাটে–পথে পে এণ্ড ইউজ টয়লেট পৰ্যাপ্ত পৰিমাণে নথকাত মহিলাসকলে বিশেষকৈ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এইক্ষেত্ৰত শীঘ্ৰেই মহানগৰীত কেবাটাও ব্যস্ত সাৰ্বজনিক স্থান চিনাক্ত কৰি শীঘ্ৰে নতুনকৈ পে এণ্ড ইউজ টয়লেট নিৰ্মাণৰ আশ্বাস দিছে পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে। নিউজ এডিটৰ তুলিকা দেৱীৰ ‘দিনটোৰ শিৰোনাম’ অনুষ্ঠানত আয়ুক্তগৰাকীয়ে স্বচ্ছ গুৱাহাটী লক্ষ্যৰে পৌৰ নিগমে লোৱা নতুন ব্যৱস্থা সন্দৰ্ভতো বিৱৰি কয়।

মালাকাৰে জনায় যে পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰোতে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে মহিলা আৰু শিশুক বিনামূলীয়াকৈ নিজৰ ৱাশ্বৰুম বা বাথৰুম ব্যৱহাৰ কৰিবলৈ দিয়াৰ চুক্তি স্বীকাৰ কৰে। অৰ্থাৎ মহিলা আৰু শিশুৱে জৰুৰী অৱস্থাত এটকাও আদায় নিদিয়াকৈ বা খাদ্যবস্তু ক্ৰয় নকৰিলেও যিকোনো হোটেল বা ৰেষ্টুৰেণ্টত সোমাই তেওঁলোকৰ ৱাশ্বৰুম ব্যৱহাৰ কৰিব পাৰে।

একেদৰে আয়ুক্তগৰাকীয়ে জনায়, যিসমূহ এনজিঅ’ই ঘৰে ঘৰে জাৱৰ সংগ্ৰহ কৰে তেওঁলোকে দায়িত্ব পালন নকৰিলে নিগমে ৰাজহুৱা কৰা নম্বৰত ৰাইজে অভিযোগ কৰিব পাৰে আৰু সেই অভিযোগ অনুসৰি এনজিঅ’ক দিবলগীয়া টকা কৰ্তন কৰি বিহিত ব্যৱস্থা লোৱা হ’ব। মহানগৰবাসীক ৰাজপথত জাৱৰ পেলোৱা ব্যক্তিৰ সন্ধান ছচিয়েল মিডিয়াত দিয়াতকৈ নিগমৰ হোৱাটছএপ গ্রুপত বা মেইলত দিবলৈ অনুৰোধ কৰে আয়ুক্তগৰাকীয়ে।

দেশৰ আটাইতকৈ পৰিষ্কাৰ ২০খন নগৰীৰ ভিতৰত গুৱাহাটীৰ নাম অন্তর্ভুক্ত কৰিবলৈ নিগমৰ পদক্ষেপত সহযোগ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। তাৎপৰ্যপূৰ্ণ যে যিসমূহ ব্যৱসায়ীয়ে নিজৰ প্ৰতিষ্ঠানৰ আগত ডাষ্টবিন ৰখা নাই তেওঁলোকক বান্ধি দিয়া অন্তিম সময়সীমা ২১ জুলাই পাৰ হোৱাৰ পিছত নিগমৰ ফ্লায়িং স্কোৱাডে ইতিমধ্যে তেনে প্ৰতিষ্ঠানত জৰিমনা বিহা আৰম্ভ কৰিছে। আগন্তুক সময়ত এই পৰ্যৱেক্ষণ অধিক কঠোৰ হোৱাৰো তেওঁ ঘোষণা কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি