বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Laddu Festival in Hajo : ৭ লাখ ৫০ হাজাৰ লাড়ু, হাজোৰ ৰামদিয়াৰ ঐতিহাসিক পোৰাভিঠা সত্ৰত আজি লাড়ু উৎসৱ

Laddu Festival in Hajo : ৭ লাখ ৫০ হাজাৰ লাড়ু, হাজোৰ ৰামদিয়াৰ ঐতিহাসিক পোৰাভিঠা সত্ৰত আজি লাড়ু উৎসৱ

Laddu Festival in Hajo : ৭ লাখ ৫০ হাজাৰ লাড়ু, হাজোৰ ৰামদিয়াৰ ঐতিহাসিক পোৰাভিঠা সত্ৰত আজি লাড়ু উৎসৱ

এপষেক পূৰ্বৰ পৰা সত্ৰৰ স্থানীয় লোকসকলে প্ৰস্তুত কৰিছে এই ৭ লাখ ৫০ হাজাৰ লাড়ু।

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

আপুনি লাড়ু খাই ভাল পাইনে? একেলগে আপুনি কিমান লাড়ু দেখিছে? ১০০, ২০০, ৫০০! ৰামদিয়াৰ পোৰাভিঠা সত্ৰত ভক্তক বিতৰণৰ বাবে প্ৰস্তুত কৰা হৈছে ৭ লাখ ৫০ হাজাৰ লাড়ু। হাজোৰ ৰামদিয়াৰ ঐতিহাসিক পোৰাভিঠা সত্ৰত আজি লাড়ু উৎসৱ। এইবেলি লাড়ু উৎসৱত ভক্তক বিতৰণ কৰা হয় প্রায় ৭ লক্ষাধিক লাড়ু।

পোৰাভিঠা সত্ৰত আজি যেন লাড়ুৰ পাহাৰ। আজিৰ দিনটোত জনসমুদ্ৰত পৰিণত হৈছে ৰামদিয়াৰ পোৰাভিঠা সত্ৰ। মানৰ যুগৰ পৰা চলি আহিছে এই ঐতিহাসিক লাড়ু উৎসৱ। কেইবাশ বছৰ পূৰ্বে মানৰ আক্ৰমণ চলিছিল এইখন সত্ৰত। মানৰ আক্ৰমণত পুৰি ছাই হৈছিল সত্ৰখন। তেতিয়াৰে পৰা এই ঐতিহাসিক সত্ৰখনৰ নাম দিয়া হয় পোৰাভিঠা সত্ৰ।

বিজ্ঞাপন

এইবেলি লাড়ু উৎসৱৰ ৪২৫তম বৰ্ষ। প্ৰতিবছৰে দামোদৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি সত্ৰখনত আয়োজন কৰা হয় লাড়ু উৎসৱ আৰু সমন্বয়ৰ উৎসৱ হিচাপে পৰিগণিত এই উৎসৱত লাড়ু ল’বলৈ ৰাইজে লগায় হেতাওপৰা।

এইবেলি লাড়ু উৎসৱত হিন্দু সম্প্ৰদায়ৰ ৮,১৬৫টা হিন্দু পৰিয়াল আৰু ১৩৫টা মুছলমান সম্প্ৰদায়ৰ পৰিয়ালে আগবঢ়াইছে লাড়ু প্ৰসাদ। লাখ লাখ সু-স্বাদু লাড়ু বিতৰণ কৰা হৈছে ভক্তৰ মাজত। মুঠতে আজিৰ দিনটোত ঐতিহাসিক পোৰাভিঠা সত্ৰত এক উখল-মাখল পৰিৱেশ। এপষেক পূৰ্বৰ পৰা সত্ৰৰ স্থানীয় লোকসকলে প্ৰস্তুত কৰিছে এই ৭ লাখ ৫০ হাজাৰ লাড়ু।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন