உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লাডাখৰ তুৰটুকত ভয়ংকৰ দুৰ্ঘটনা! নদীত পৰিল সেনাবাহিনীৰ বাছ, নিহত ৭জন জোৱান, গুৰুতৰ ভাবে আহত ১৯

    লাডাখৰ তুৰটুকত ভয়ংকৰ দুৰ্ঘটনা! নদীত পৰিল সেনাবাহিনীৰ বাছ, নিহত ৭জন জোৱান, গুৰুতৰ ভাবে আহত ১৯

    লাডাখৰ তুৰটুক চেক্টৰৰ নুব্ৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নদীত পৰিল সেনাৰ বাছ। ঘটনাত থিতাতে নিহত হয় ৭ জন জোৱান।

    লাডাখৰ তুৰটুক চেক্টৰৰ নুব্ৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নদীত পৰিল সেনাৰ বাছ। ঘটনাত থিতাতে নিহত হয় ৭ জন জোৱান।

    লাডাখৰ তুৰটুক চেক্টৰৰ নুব্ৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নদীত পৰিল সেনাৰ বাছ। ঘটনাত থিতাতে নিহত হয় ৭ জন জোৱান।

    • Share this:
    লাডাখৰ তুৰটুক চেক্টৰৰ নুব্ৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নদীত পৰিল সেনাৰ বাছ। ঘটনাত থিতাতে নিহত হয় ৭ জন জোৱান। সেইদৰে ১৯ জন গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

    শুকুৰবাৰে, সেনাৰ এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই লাডাখৰ তুৰটুক চেক্টৰৰ শ্বায়োক নদীত পৰি যায় বুলি জানিব পৰা গৈছে। JK10-6245 নম্বৰৰ বাছখনত ২৬ জন জোৱান আছিল। দুৰ্ঘটনাটোত ৭ জন জোৱানে প্ৰাণ হেৰুৱাইছে। আৰু ১৯ জন গুৰুতৰভাৱে আহত হৈছে। সেনাৰ সূত্ৰই কৈছিল যে, আহত ১৯ জন জোৱানক বিমানেৰে ৱেষ্টাৰ্ণ কমাণ্ড চিকিৎসালয়লৈ লৈ যোৱা হৈছে।



    খবৰ অনুসৰি বাছখন নুব্ৰাৰ পৰা তুৰটুকলৈ গৈ আছিল। যিটো আহমেদ শ্বাহ নামৰ চাংমাৰৰ এজন জোৱানে চলাই আছিল। যেতিয়া চালকজনে হঠাতে পৰথাঙৰ ওচৰৰ লাৰ্গিয়াবত নিয়ন্ত্ৰণ হেৰুৱায়, বাছখন ৮০-৯০ ফুট তলত বৈ যোৱা শ্যাক নদীৰ খাড়াই উপত্যকাত পৰি যায়।
    Published by:Himangshu Bhuyan
    First published: