• Home
  • »
  • News
  • »
  • assam
  • »
  • 'অসমীয়া মানুহৰ পৰা অতিথি আপ্যায়ন কেনেকৈ কৰে, শিকিবলগীয়া আছে'- দেশবাসীয়ে সদায় মনত ৰাখিব লাচিত বৰফুকনক, ভাষণত ক'লে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

'অসমীয়া মানুহৰ পৰা অতিথি আপ্যায়ন কেনেকৈ কৰে, শিকিবলগীয়া আছে'- দেশবাসীয়ে সদায় মনত ৰাখিব লাচিত বৰফুকনক, ভাষণত ক'লে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

শুকুৰবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত অসমবাসীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিলে দেশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

শুকুৰবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত অসমবাসীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিলে দেশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

শুকুৰবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত অসমবাসীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিলে দেশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

  • Share this:
'অসমবাসী ৰাইজলৈ মোৰ হৃদয়ভৰা নমস্কাৰ ৷ মই সমাজ জীৱনৰ পৰা বহু কথা শিকিছো। বিজয়া বাইদেউৰ পৰাও মই বহু কথা শিকিছো ৷ অসমীয়া মানুহৰ পৰা দেশৰ মানুহে অতিথি আপ্যায়নৰ বিষয়ে শিকিবলগীয়া আছে ৷ মোক বৰ আদৰ সাদৰ কৰিছে আপোনালোকে ৷ মুখ্যমন্ত্ৰীক ধন্যবাদ দিছো ৷ অসমবাসী ৰাইজক ধন্যবাদ দিছো ৷'-শুকুৰবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত অসমবাসীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিলে দেশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে শুকুৰবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, 'দেশৰ বীৰসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম আছিল ৷ আলাবৈ ৰৃণত দহ হাজাৰ অসমীয়া সৈনিক একেদিনাই মৃত্যু হোৱাৰ দুবছৰৰ পিছত শৰাইঘাট ৰণত মোগলক হৰুৱাইছিল লাচিত বৰফুকনে ৷  দেশবাসীৰ মনত লাচিত বৰফুকন আছে ৷ National Defense Academy ত শ্ৰেষ্ঠ কেডেট জনক প্ৰতিবছৰে লাচিত বৰফুকনৰ সোণৰ পদক দিয়া হয় ৷ মোক মুখ্যমন্ত্ৰীয়ে উপহাৰ দিয়া লাচিত বৰফুকনৰ ফটোখন মই ৰাষ্ট্ৰপতি ভৱনত শ্ৰদ্ধাসহকাৰে সজাই ৰাখিম ৷'

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'আজি এটা মহৎ উদ্দেশ্যত আমি ইয়াত সমবেত হৈছো ৷ অসমৰ ইতিহাসৰ উজ্জ্বল দিনত ৰাষ্ট্ৰপতি আমাৰ মাজত উপস্থিত হৈছে ৷ ১২২৮চনতে ম্যানমাৰৰ পৰা আহি অসমত টাই আহোম সকলে শাসন আৰম্ভ কৰিছিল ৷ ৬০০ বছৰ শাসন কৰে ৷ যুদ্ধ বিগ্ৰহৰে ভৰপুৰ আছিল সেই দিনবোৰ ৷ ইয়াৰ ভিতৰত আলাবৈ ৰণ আৰু শৰাইঘাটৰ ৰণ।
আলাবৈ ৰণত একেদিনেই দহ হাজাৰ অসমীয়া সৈনিকে প্ৰাণ দিছিল ৷'

অনুষ্ঠানত হিন্দী আৰু অসমীয়া দুয়োটা ভাষাতে ভাষণ প্ৰদান কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,  'শৰাইঘাটৰ ৰণৰ জয় বিশ্বৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা ৷ মোগলৰ বিৰুদ্ধে হিন্দুসকলে যুঁজ কৰাৰ ভিতৰত অন্যতম আছিল লাচিত বৰফুকন ৷এশ ফুট উচ্চতাৰ হেংদাং নিৰ্মাণ কৰা হ'ব। আলবৈ ৰণৰ স্মাৰক কৰা হ'ব ৷ ১২৫ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব।'
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি