লাচিত বৰছুকনৰ জন্মজয়ন্তী বিশেষভাৱে উদযাপন কৰিবলৈ অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। আগন্তক ২৪ নৱেম্বৰত বীৰ লাচিতৰ জন্মজয়ন্তী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাতদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰোপৰি দিল্লীটো অনুষ্ঠিত কৰা হ’ব অসম চৰকাৰৰ দ্বাৰা দুদিনীয়া জন্মজয়ন্তী ‘লাচিত দিৱস’।
উল্লেখ্য যে, বৰ্তমানলৈকে লাচিত বৰফুকনৰ ওপৰত ৫,৩৭,১৫২ খন লিখনি আৰু গণনা লাভ কৰিছে চৰকাৰে। এই কথা সামাজিক মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনায়। লগতে বীৰ লাচিতৰ ৪০০ তম জন্ম জয়ন্তীৰ এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হোৱাৰ বাবে সকলো অংশগ্ৰহণকাৰীক তেওঁলোকৰ উৎসাহৰ বাবে সকলোকে মুখ্যমন্ত্ৰীয়ে অভিনন্দন জনায়।
আগন্তুক ২৪ নৱেম্বৰ ২০২২ৰ ভিতৰত http://lachitbarphukan.assam.gov.in বা লাচিত বৰফুকন এপত নিজৰ ৰাইট-আপ প্ৰেৰণ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
মন কৰিবলগীয়া যে, মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে নৱ প্ৰজন্মক অৱগত কৰোৱাৰ লগতে সমগ্ৰ দেশতে তেওঁৰ কৰ্মৰাজিৰ বিষয়ে সবিশেষ জনোৱাৰ বাবে ৰাজ্য চৰকাৰে বিগত ২৬ অক্টোবৰত এটা এপ্লিকেচন আৰু প’ৰ্টেল মুকলি কৰিছিল। জনসাধাৰণে লাচিত বৰফুনৰ বিষয়ে এই এপত লিখিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছিল। কাগজৰ দুই পিঠিত লিখি প’ৰ্টেলত বা এপত আপলোড কৰাৰো সুবিধা থকাৰ কথা তেওঁ জনায়। আনকি কাগজৰ সলনি পোনপটীয়াকৈ প’ৰ্টেলত লিখাৰো সুবিধা আছে উক্ত প’ৰ্টেলত আৰু এপত।
ইয়াৰোপৰি, বিগত ১৮ নৱেম্বৰত বিদ্যালয় আৰু মহাবিদ্যালয় ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আৰম্ভ কৰা হয়। এই ৰচনা প্ৰতিযোগিতাৰ পৰা জিলা ভিত্তিত বাছনি কৰা হ’ব। বিশ্ববিদ্যালয় পৰ্যায়তো এই প্ৰতিযোগিতা হৈছে। ৰাজ্যৰ জিলাসমূহৰ জিলা উপায়ুক্তসকলে প্ৰদান কৰা প্ৰি ফৰ্মেট ব্যৱস্থাত লিখিব পাৰিব আৰু এই ফৰ্মেট ১৮ তাৰিখৰ পৰা দিয়া আৰম্ভ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
এইখিনিতেই উল্লেখনীয় যে, বিগত ১৬ নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লাচিত দিৱসৰ থীম ছং মুকলি কৰিছিল। এই গীতত জনপ্ৰিয় গায়ক জুবিন গাৰ্গে কণ্ঠদান কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|