
খানাপাৰা পৰা জনতা ভৱনলৈ হোৱা এই পেৰেডত সকলো সামৰিক আৰু অৰ্ধসামৰিক বাহিনীয়ে অংশগ্ৰহণ কৰে
খানাপাৰা পৰা জনতা ভৱনলৈ হোৱা এই পেৰেডত সকলো সামৰিক আৰু অৰ্ধসামৰিক বাহিনীয়ে অংশগ্ৰহণ কৰে
আজিৰে পৰা সমগ্ৰ ৰাজ্যতেই সপ্তাহজোৰা কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী আৰম্ভ হৈছে। অসমৰ মহান বীৰজনাৰ জন্ম দিনটো বিশেষভাৱে আয়োজন কৰিবলৈ অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ইয়াৰ লগত সংগতি ৰাখি অসম আৰক্ষীৰ উদ্যোগত সৰ্ববৃহৎ পেৰেডৰ আয়োজন কৰা হৈছে। খানাপাৰা পৰা জনতা ভৱনলৈ হোৱা এই পেৰেডত সকলো সামৰিক আৰু অৰ্ধসামৰিক বাহিনীয়ে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, আগন্তুক ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ ৰাজধানী দিল্লীত বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপনৰ আয়োজন কৰা হৈছে। জানিব পৰা মতে, ২৩ নৱেম্বৰৰ কাৰ্যসূচীত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট বিভাগৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থকাৰ বিপৰীতে ২৪ নৱেম্বৰৰ কাৰ্যসূচীৰ মুকলি সভাত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ তাৰিখে ৪০০ সংখ্যক লাচিত দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|