• Home
  • »
  • News
  • »
  • assam
  • »
  • ULFA-I | Sanjay kishan: ২৪ ঘণ্টা নৌহওঁতেই মন্ত্ৰী সঞ্জয় কিষাণে ক্ষমা খুজিলে আলফা (স্বা:)ক, কিন্তু আটছাই পালে লাজ

ULFA-I | Sanjay kishan: ২৪ ঘণ্টা নৌহওঁতেই মন্ত্ৰী সঞ্জয় কিষাণে ক্ষমা খুজিলে আলফা (স্বা:)ক, কিন্তু আটছাই পালে লাজ

আটছাই ভৱিষ্যতে এনেধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনাইছে ।

আটছাই ভৱিষ্যতে এনেধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনাইছে ।

আটছাই ভৱিষ্যতে এনেধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনাইছে ।

  • Share this:
আলফা স্বাধীনে কালি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণক বিজু গগৈৰ মৃত্যু সন্দৰ্ভত দিয়া মন্তব্যক লৈ ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী জনাইছিল। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মিছলীয়া বুলি উল্লেখ কৰি মন্তব্য প্ৰকাশ কৰিছিল। পিছত ২৪ ঘণ্টা নৌহওঁতেই সঞ্জয় কিষাণে  আলফা স্বাধীনৰ প্ৰতিক্ৰিয়াৰ পিছত দুখ প্ৰকাশ কৰে।

তেওঁ কয়- ‘‘মই পৰেশ বৰুৱা (Paresh Baruah) ডাঙৰীয়াক আঘাত দিব খোজা কোনো কথাই কোৱা নাছিলোঁ ৷ যদিহে মোৰ কথাই তেওঁৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দুঃখিত অনুভৱ কৰিছোঁ ৷ অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে সমিলমিলেৰে আগবাঢ়িব লাগিব।’’

ইয়াৰ পিছত আলফাই সঞ্জয় কিষাণক ক্ষমা নুখুজিলে নিষিদ্ধ কৰাৰ যি কথা বিবৃতিযোগে ঘোষণা কৰিছিল, সেয়া উঠাই লোৱা বুলি প্ৰকাশ কৰিছে।

ইফালে মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ ওচৰত ক্ষমা খোজা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্র সন্থাই । আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- ''এনেবোৰ ঘটনাৰ ফলত ৰাইজ বিভ্ৰান্ত হয় । ৰাইজৰ মনত প্ৰশ্ন হয় যে তেওঁলোকে চৰকাৰ তথা আৰক্ষীৰ কথা মানি চলিব নে সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত থাকিব !

বৰ্তমান তেনে প্ৰশ্নৰ সৃষ্টি হৈছে বুলি মত ব্যক্ত কৰি আটছাৰ (AATSA) সভাপতিগৰাকীয়ে আৰু কয় যে নিৰাপত্তা বেস্তনীৰ মাজত থকা চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীৰে যদি এনে অৱস্থা, তেন্তে সশস্ত্ৰ সংগঠনসমূহৰ আগত সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব? আটছাই সঞ্জয় কিষাণৰ দৰে এগৰাকী কেবিনেট মন্ত্ৰীয়ে আলফা (স্বা)ৰ (ULFA-I) ওচৰত ক্ষমা খোজা কাৰ্যত লজ্জাবোধ কৰিছে বুলি কয়।

আটছাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কয় যে মন্ত্ৰী সঞ্জয় কিষাণ (labour minister Sanjay Kishan) এগৰাকী প্ৰাক্তন আটছা নেতা । কিন্তু তেওঁৰ এই শেহতীয়া কাৰ্যই আটছাকো লাজত পেলাইছে । লগতে আটছাই ভৱিষ্যতে এনেধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনাইছে ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি