• Home
  • »
  • News
  • »
  • assam
  • »
  • চিমেন চাপৰিত আৰক্ষীৰ গুলীত নিহত লিবাৰেল ডেম'ক্ৰেটিক কাউঞ্চিল অৱ মিচিংলেণ্ডৰ দুৰ্ধৰ্ষ কেডাৰ

চিমেন চাপৰিত আৰক্ষীৰ গুলীত নিহত লিবাৰেল ডেম'ক্ৰেটিক কাউঞ্চিল অৱ মিচিংলেণ্ডৰ দুৰ্ধৰ্ষ কেডাৰ

আটকপুৰৰ কালভাৰ্ট এটাৰ তলত পুতি থোৱা ৰিভলভাৰ হাতত লৈ  আৰক্ষীলৈ বুলি গুলীচালনা কৰিবলৈ উদ্যত হওঁতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুম্বাঙৰ মৃত্যু হয়

আটকপুৰৰ কালভাৰ্ট এটাৰ তলত পুতি থোৱা ৰিভলভাৰ হাতত লৈ  আৰক্ষীলৈ বুলি গুলীচালনা কৰিবলৈ উদ্যত হওঁতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুম্বাঙৰ মৃত্যু হয়

আটকপুৰৰ কালভাৰ্ট এটাৰ তলত পুতি থোৱা ৰিভলভাৰ হাতত লৈ  আৰক্ষীলৈ বুলি গুলীচালনা কৰিবলৈ উদ্যত হওঁতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুম্বাঙৰ মৃত্যু হয়

  • Share this:

ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ আটকপুৰত লিবাৰেল ডেমক্ৰেটিক কাউঞ্চিল অৱ মিচিংলেণ্ড চমুকৈ এলডিচিএমৰ এগৰাকী সদস্য আৰক্ষীৰ গুলীত নিহত হয়। উল্লেখ্য যে ধনদাবী কৰি ১০ মে'ৰ নিশা জোনাইৰ ১ নং চিৰামপুৰীয়া গাঁৱৰ গেলামালৰ ব্যৱসায়ী সুভাষ চাহুক অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰি বন্দুকধাৰী দলটো ঘটনাস্থলীৰ পৰা আঁতৰি গৈছিল। পিছদিনাখনৰ পৰা আৰক্ষীয়ে চিমেন চাপৰিত এলডিচিএমৰ সদস্য গোবিন্দ পেগু (৩৩) আৰু চিলাপথাৰৰ বগীবিল ডাম্বুকৰ ভদীয়াচুকৰ দেবীৰাম পেগু (৩৫)ক কৰায়ত্ত কৰি  জেৰা কৰোঁতে ঘটনাৰ সৈতে জড়িত মিছামৰাৰ কুমলীয়া গাঁৱৰ বাণীকান্ত কুম্বাঙক ঘৰৰ পৰা আটক কৰে।


আৰক্ষীৰ জেৰাত আটকাধীন এলডিচিএমৰ সদস্যগৰাকীয়ে আটকপুৰত এটা ৰিভলভাৰ পুতি থোৱা বুলি কোৱাৰ ফলত সেই স্থানলৈ লৈ যায়। আটকপুৰৰ কালভাৰ্ট এটাৰ তলত পুতি থোৱা ৰিভলভাৰটো হাতত লৈ  আৰক্ষীলৈ বুলি গুলীচালনা কৰিবলৈ উদ্যত হওঁতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এলডিচিএমৰ সদস্য গৰাকীক ডেকাপাম ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।


কৰায়ত্ত কৰা এলডিচিএমৰ সদস্যকেইজনৰ পৰা আৰক্ষীয়ে দুখন গ্লেমাৰ এখন পালচাৰ মটৰচাইকেল জব্দ কৰে। ইপিনে ঘটনাৰ সৈতে জড়িত জোনাই আৰক্ষী থানাৰ ১ নং চিৰামপুৰীয়া গাঁৱৰ ব্ৰজেন দলে (২৭), বিশ্ব দলে(২৬), ঢকুৱাখনাৰ মৌখোৱা গাঁৱৰ মনোকুমাৰ পাতিৰ (২৭)ক কালি নিশাই চিৰামপুৰীয়া গাঁৱত এখন চাৰিচকীয়া বাহনৰ সৈতে আটক কৰে কৰে বুলি ধেমাজি আৰক্ষী অধীক্ষক ডা° ধনঞ্জয় পি ঘনাৱটেে এক সংবাদমেল যোগে জানিব দিয়ে।


উল্লেখযোগ্য যে আটকাধীন এলডিচিএমৰ পাঁচ গৰাকী সদস্যক আজি জেললৈ প্ৰেৰণ কৰিছে। আনহাতে এলডিচিএমৰ সদস্য কেইজনে আশ্ৰয় লোৱা চিৰামপুৰীয়া গাঁৱৰ যদুপতি টায়োঙ (৪৫)ক আজি আটক কৰিছে। উল্লেখ্য যে ২০১৭ চনৰ ২৪ জুনত এলডিচিএমৰ সদস্যই কংগ্ৰেছৰ নেতা হিৰণ্য দলেক ডেকাপামৰ নিজাবাসগৃত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল।


ইফালে বাণীকান্ত কুম্বাঙক ঘৰৰ পৰা উঠাই আনি শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰাৰ অভিযোগত পৰিয়ালৰ লগতে স্থানীয় ৰাইজে  চিমেন চাপিৰৰ থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি