পূজাৰ বতৰত নীলাচলত নাই ভক্তৰ ভিৰ, কামাখ্যা দেৱালয়ত চলিছে পৰম্পৰাগত কুমাৰী পূজা

News18 Assam | News18-Assam
Updated:October 23, 2020, 9:46 PM IST
পূজাৰ বতৰত নীলাচলত নাই ভক্তৰ ভিৰ, কামাখ্যা দেৱালয়ত চলিছে পৰম্পৰাগত কুমাৰী পূজা
এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ সময়তো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সেৰেঙা।

এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ সময়তো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সেৰেঙা।

  • Share this:
কোভিড ১৯ৰ সজাগতাৰ মাজৰে বুধবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে খুলিছে শক্তিপীঠ মা কামাখ্যা দেৱালয়ৰ মুল প্ৰৱেশ দ্বাৰ। কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ খুলিলেও অৱশ্যে ভক্তপ্ৰাণ ৰাইজৰ বাবে বাধ্যতামূলক কোভিডৰ ৰেপিড এণ্টিজেন টেষ্ট।

এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ সময়তো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সেৰেঙা। নীলাচলৰ বুকুত নাই দুৰ্গোৎসৱকলৈ উৎসাহ উদ্দিপনা। এই কথা নিউজ১৮ক জনাই কামাখ্যা দেৱালয়ৰ দলৈ মোহিত শৰ্মাই।

মহাসপ্তমীৰ দিনা পৰাম্পৰাগত ভাৱে মা কামাখ্যা দেৱালয়ত কুমাৰী পূজা অনুষ্ঠিত হৈছে। মহাসপ্তমী বাবে সাতগৰাকী কুমাৰীক কামাখ্যা দেৱালয়ত পূজা কৰা হয়। মহানৱমীলৈ কামাখ্যাত চলিব এই কুমাৰী পূজা।
Published by: Himangshu Bhuyan
First published: October 23, 2020, 9:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading