• Home
  • »
  • News
  • »
  • assam
  • »
  • Kumar Engineering : প্ৰথমবাৰলৈ অসমৰ পৰা উৰিষ্যালৈ পাৱাৰটিলাৰ পঠিয়ালে জালুকবাৰীৰ কুমাৰ ইঞ্জিনীয়াৰিঙে

Kumar Engineering : প্ৰথমবাৰলৈ অসমৰ পৰা উৰিষ্যালৈ পাৱাৰটিলাৰ পঠিয়ালে জালুকবাৰীৰ কুমাৰ ইঞ্জিনীয়াৰিঙে

বছৰি প্ৰায় ১৫০০ খন পাৱাৰটিলাৰ ( Power Tiller) প্ৰেৰণ কৰা সংকল্প হাতত লৈছে কুমাৰ ইঞ্জিনীয়াৰিঙে

বছৰি প্ৰায় ১৫০০ খন পাৱাৰটিলাৰ ( Power Tiller) প্ৰেৰণ কৰা সংকল্প হাতত লৈছে কুমাৰ ইঞ্জিনীয়াৰিঙে

বছৰি প্ৰায় ১৫০০ খন পাৱাৰটিলাৰ ( Power Tiller) প্ৰেৰণ কৰা সংকল্প হাতত লৈছে কুমাৰ ইঞ্জিনীয়াৰিঙে

  • Share this:
মহানগৰীৰ জালুকবাৰীস্থিত কুমাৰ ইঞ্জিনীয়াৰিঙৰ বৃহৎ সফলতা। প্ৰথমবাৰলৈ অসমৰ পৰা উৰিষ্যালৈ কুমাৰ ইঞ্জিনীয়াৰিঙে নিৰ্মাণ কৰা পাৱাৰটিলাৰ প্ৰেৰণ কৰে। বুধবাৰে সন্ধিয়া প্ৰায় ১২০ খন এগ্ৰীকালচাৰ মেচিনেৰি ৮৮৮ -ডি পাৱাৰটিলাৰ উৰিষ্যালৈ প্ৰেৰণ কৰে।

কুমাৰ ইঞ্জিনীয়াৰিঙৰ (Kumar Engineering) এই বৃহৎ সফলতাৰ দিনাখন মুখ্য অতিথি হিচাপে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত উপস্থিত থাকি বন্তি প্ৰজ্বলন আৰু  ফ্লেগ অফ কৰে। কুমাৰ ইঞ্জিনীয়াৰিঙত নিৰ্মাণ কৰা পাৱাৰটিলাৰ উৰিষ্যাৰৰ লগতে দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে কোম্পানীটোৱে।

বছৰি প্ৰায় ১৫০০ খন পাৱাৰটিলাৰ ( Power Tiller) প্ৰেৰণ কৰা সংকল্প হাতত লৈছে কুমাৰ ইঞ্জিনীয়াৰিঙৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে। কুমাৰ ইঞ্জিনীয়াৰিঙৰ পাৱাৰটিলাৰ সমূহ মহানগৰীৰ ধাৰাপুৰত নিৰ্মাণ হয়। অসমৰ বহু কৃষক উপকৃত হৈছে কুমাৰ ইঞ্জিনিয়াৰিঙৰ পাৱাৰটিলাৰ ব্যৱহাৰ কৰি।
Published by:Gautam Barman
First published: