শেহতীয়াকৈ ল’ক ডাউনৰ সময়ছোৱাত কেইবাখনো অনলাইন যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে কুহিয়ে
শেহতীয়াকৈ ল’ক ডাউনৰ সময়ছোৱাত কেইবাখনো অনলাইন যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে কুহিয়ে
গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ এগৰাকী কণমানি! নাম কুঁহি ডেকা। প্ৰথম শ্ৰেণীৰ পৰাই যোগ চৰ্চা কৰি আহিছে কণমানিজনীয়ে। বৰ্তমান চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত কুঁহি ডেকা। শৈক্ষিক ক্ষেত্ৰৰ সমানে সমানে যোগ চৰ্চাও কৰি আহিছে কণমানিজনীয়ে। বহু ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত ভাগ লৈ সন্মান বুটলিবলৈ সক্ষম হৈছে কণমানি কুঁহি ডেকাই।
শেহতীয়াকৈ ল’ক ডাউনৰ সময়ছোৱাত কেইবাখনো অনলাইন যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে কুহিয়ে। শনিবাৰে ফেডাৰেচন কাপ যোগাসন প্ৰতিযোগিতাত অনলাইন যোগে অংশগ্ৰহণ কৰিছিল কুঁহিয়ে। ইয়াৰ উপৰি ‘নেচনেল যোগ চেম্পিয়নশ্বিপটো অনলাইনযোগে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি কুঁহিয়ে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কণমানিগৰাকীৰ এই সাফল্যত অত্যন্ত সুখী পৰিয়ালবৰ্গ। এতিয়া কণমানি কুঁহিৰ লক্ষ্য এছিয়ান গেমছ। যাৰ বাবে এতিয়া কঠোৰ পৰিশ্ৰম কৰি আছে কুঁহিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|