কলিয়াবৰৰ ৰাজপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পদপথত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় এখন KTM বাইক। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন বাইক আৰোহী। গুৰুতৰভাৱে আহত আনজন বাইক আৰোহী।
নিহত যুৱকজন কলিয়াবৰ তিনিআলিৰ ২১ বছৰীয়া দৰ্শিত বৰা। আহত বাইক আৰোহীজন কলিয়াবৰ ন-সত্ৰৰ ২১ বছৰীয়া মানস বৰা। দুৰ্গটনাৰ লগে লগে গুৰুতৰভাবে আহত দুই বাইক আৰোহীক কলিয়াবৰ আৰক্ষীয়ে ততাতয়াকৈ প্ৰেৰণ কৰে জখলাবন্ধা চিকিৎসালয়লৈ। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে দৰ্শিত বৰা নামৰ যুৱকজনক।
জানিব পৰা মতে জখলাবন্ধাৰ পৰা কলিয়াবৰ তিনিআলি অভিমুখে ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছিল দুই বাইক আৰোহী। প্ৰত্যক্ষদৰ্শীৰ মতে চলন্ত অৱস্থাতে বাইকৰ সন্মুখৰ চকা ফুটি যোৱাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাঁতিৰ পদপথত খুন্দিয়াই চুচৰি যায় দুই বাইক আৰোহী।
কলিয়াবৰ আৰক্ষী নিৱেশৰ সন্মুখতে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। এটা বিকট শব্দ শুনি থানাৰ পৰা দৌৰি আহে কলিয়াবৰ আৰক্ষী নিৱেশত কৰ্তব্যৰত আৰক্ষী। প্ৰত্যক্ষ কৰে ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত KTM বাইকখনৰ নম্বৰ AS-12-AE-3848.
Published by: Manjumoni Borah
FIRST PUBLISHED : August 30, 2022, 22:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।