‘কৃষ্ণ’ৰ মৃত্যু, ওৰাঙত মৃত্যু হ’ল দুধনৈৰ পৰা স্থানান্তৰ কৰা ‘কৃষ্ণ’ নামৰ হাতীটোৰ

News18-Assam
Updated:November 17, 2019, 11:17 AM IST
‘কৃষ্ণ’ৰ মৃত্যু, ওৰাঙত মৃত্যু হ’ল দুধনৈৰ পৰা স্থানান্তৰ কৰা ‘কৃষ্ণ’ নামৰ হাতীটোৰ
বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত দুধনৈত ট্ৰেংকুলাইজ কৰা হৈছিল হাতীটোক। তাৰ পিছতে প্ৰশিক্ষণৰ বাবে স্থানান্তৰ কৰা হৈছিল ‘কৃষ্ণ’ক।

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত দুধনৈত ট্ৰেংকুলাইজ কৰা হৈছিল হাতীটোক। তাৰ পিছতে প্ৰশিক্ষণৰ বাবে স্থানান্তৰ কৰা হৈছিল ‘কৃষ্ণ’ক।

  • News18 Assam
  • Last Updated: November 17, 2019, 11:17 AM IST
  • Share this:
গোৱালপাৰাত সন্ত্ৰাসৰ সৃষ্টি কৰা ‘কৃষ্ণ’ নামৰ হাতীটোৰ মৃত্যু। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয় ‘কৃষ্ণ’ৰ। বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত দুধনৈত ট্ৰেংকুলাইজ কৰা হৈছিল হাতীটোক। তাৰ পিছতে প্ৰশিক্ষণৰ বাবে স্থানান্তৰ কৰা হৈছিল ‘কৃষ্ণ’ক।

দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰা হাতীটোৱে দুধনৈত একেদিনাই ৫জন লোকক হত্যা কৰাৰ পিছতে পদ্ম হাজৰিকাৰ নেতৃত্বত যোৱা এটা দলে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছিল। ট্ৰেংকুলাইজ কৰাৰ পিছত প্ৰশিক্ষণৰ বাবে হাতীটোক স্থানান্তৰ কৰা হৈছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ।

দেহৰ কেইবাস্থানতো আঘাতৰ চিন থকা ‘কৃষ্ণ’ক চিকিৎসা চলাই থকা হৈছিল ওৰাঙত। চিকিৎসাধীন অৱস্থাতে পুৱতিনিশা মৃত্যুক সাবটি লয় হাতীটোৱে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি