உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিজেপি চৰকাৰৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত ৰঙিয়াত শ্ৰমিক-কৃষক সমাৱেশ

    বিজেপি চৰকাৰৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত ৰঙিয়াত শ্ৰমিক-কৃষক সমাৱেশ

    সভাত নেতাসকলে কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষক বিৰোধী আইন প্ৰৱৰ্তন কৰি দেশৰ কৃষক সমাজক সৰ্বনাশৰ পথলৈ ঠেলি দিয়া বুলি ক্ষোভ উজাৰে।

    • Share this:
      বিজেপি চৰকাৰৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত ৰঙিয়াত শ্ৰমিক আৰু কৃষক সমাৱেশ। ৰঙিয়াৰ ঈদগাহ ময়দানত অনুষ্ঠিত সমাৱেশত অংশগ্ৰহণ কৰে কামৰূপ জিলাৰ সহস্ৰাধিক কৃষক আৰু শ্ৰমিকে। সমাৱেশত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট বামপন্থী নেতা হেমেন দাস, টিকেন দাস, দেবেন ভট্টচাৰ্য। ইয়াৰোপৰি সমাৱেশত বিবেকানন্দ অধিকাৰী, কৌশিক চৌধুৰীৰ লগতে কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে।

      সভাত নেতাসকলে কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষক বিৰোধী আইন প্ৰৱৰ্তন কৰি দেশৰ কৃষক সমাজক সৰ্বনাশৰ পথলৈ ঠেলি দিয়া বুলি ক্ষোভ উজাৰে। লগতে আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, সহায়িকা, মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন কৰ্মী আদিক আঁচনিভুক্ত কৰি শ্ৰমিকসকলক প্ৰাপ্য মজুৰি আৰু চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ দাবী জনায়।

      ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত থকা সমাৱেশত বিজেপি চৰকাৰৰ দিনত সাধাৰণ জনতাই জীৱন নিৰ্বাহ কৰাটো টান হৈ পৰা বুলি নেতাসকলে অভিযোগ উত্থাপন কৰে। ইফালে সমাগত নিৰ্বাচনত মহাজোঁটবন্ধনে পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰা বিজেপি দলক পৰাভূত কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।
      Published by:Sanjay Kumar Das
      First published: