অসমত দুগ্ধ উৎপাদনী আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য গুৰুদত্ত শৰ্মাক “কৃষক সমন্বয়ক” বঁটা প্ৰদান কৰে কৃষক অধিকাৰ সুৰক্ষা সমিতি আৰু নাৰী অধিকাৰ সুৰক্ষা সমিতি অসমে ৷
দেওবাৰে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কৃষি গৱেষণা সঞ্চালক তথা APARTৰ পৰামৰ্শদাতা ড° গিৰিন্দ্ৰ নাথ হাজৰিকাই ৷
দৈয়াং বনাঞ্চলৰ কৃষকৰ মুক্তিদাতা, অসমত উন্নত কৃষি পদ্ধতিৰ বাটকটীয়া, ভাৰতশ্ৰেষ্ঠ গোপালক, নন্দনাথ উপাধ্যায় বঁটাপ্ৰাপক তথা কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ তৃতীয়গৰাকী সভাপতি প্ৰয়াত দেৱেশ্বৰ নাথৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰা হয় ৷ চেলেং, গামোচা আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় কুৰি শতিকাৰ পৰা একৈশ শতিকালৈ তৃতীয় প্ৰজন্মক দুগ্ধ উৎপাদনত জড়িত কৰোঁতা সীতাজখলাৰ প্ৰতিষ্ঠাপক সদস্য গুৰুদত্ত শৰ্মাক ৷
ইয়াৰ উপৰি উক্ত বঁটা প্ৰদান অনুষ্ঠানত বিহু সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় সীতাজখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাক ৷
কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠাপক লোহিত গগৈয়ে তাৎপৰ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি ভোলেন হাজৰিকা মৰাণ, মুখ্য উপদেষ্টা থানেশ্বৰ চুতীয়া, সাহিত্যিক পেঞ্চনাৰ নাৰায়ণ কুমাৰ ৰাডু কাকতি, সীতাজখলাৰ বৃত্তিগত গো-সেৱাৰ শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি অনন্ত বড়ো, প্ৰয়াত দেৱেশ্বৰ নাথৰ পৰিয়ালবৰ্গৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|