কুইপ'ৰ অপহৃত দুই বিষয়াক লৈ মধ্যস্থতাকাৰী কৌশিক ফুকন EXCLUSIVE

News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মধ্যস্থতাকাৰী কৌশিক ফুকনে ক'লে যে ইতিবাচক দিশত বিষয়টো আগবাঢ়িছে৷
News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মধ্যস্থতাকাৰী কৌশিক ফুকনে ক'লে যে ইতিবাচক দিশত বিষয়টো আগবাঢ়িছে৷
- News18 Assam
- Last Updated: February 22, 2021, 9:06 AM IST
News18ৰে হোৱা সাক্ষাৎকাৰত ফুকনে ক'লে- "মই বিগত ২৫ দিনে বিষয়টোৰ সৈতে জড়িত হৈ আছো৷ মই চলাই যোৱা প্ৰচেষ্টাত আলফা স্বাধীন আৰু কুইপ'ৰ মাজৰ আলোচনা ইতিবাচক দিশত আগবাঢ়িছে৷ আশা কৰিছো কুশলে উভতি আহিব অপহৃত কুইপ'ৰ দুই বিষয়া৷”
ইতিমধ্যে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই দেওবাৰে সন্ধিয়া ঘোষণা কৰে যে সভ্য সমাজৰ বিপুল দাবীত কুইপ'ৰ দুই বিষয়াক সোমবাৰৰ পৰা পৰ্যায়ক্ৰমে দিবলগীয়া চৰম শাস্তি স্থগিত ৰাখিছে৷ একাংশ সংবাদ মাধ্যমত বিষয়টোক লৈ অপব্যাখ্যা চলোৱা হৈছে বুলিও পৰেশ বৰুৱাই দাবী কৰে৷