• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ চলিব কপলিং ছিগা ৰে’ল, কোভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছিল শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ চলাচল কৰা ৰে’লখন

পুনৰ চলিব কপলিং ছিগা ৰে’ল, কোভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছিল শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ চলাচল কৰা ৰে’লখন

কিন্তু ভাল খবৰ এয়াই যে শিমলুগুৰিৰ পৰা ডিব্ৰুগড়ৰলৈ চলাচল কৰা ৰে’লখন অহা ৪ জুলাইৰ পৰা পুনৰ চলিব৷ 

কিন্তু ভাল খবৰ এয়াই যে শিমলুগুৰিৰ পৰা ডিব্ৰুগড়ৰলৈ চলাচল কৰা ৰে’লখন অহা ৪ জুলাইৰ পৰা পুনৰ চলিব৷ 

কিন্তু ভাল খবৰ এয়াই যে শিমলুগুৰিৰ পৰা ডিব্ৰুগড়ৰলৈ চলাচল কৰা ৰে’লখন অহা ৪ জুলাইৰ পৰা পুনৰ চলিব৷ 

  • Share this:
অতীততে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ ৰে’লপথ তেনেই চুটি আছিল৷ শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’লৱে জংছনৰ পৰা মৰাণলৈ থকা সেই ৰে’লপথত নিয়মীয়াকৈ চলিছিল এখন স্থানীয় ৰে’ল৷

বুৰঞ্জীবিদ-সাহিত্যিক ড০ লীলা গগৈয়ে সেই ৰে’লখনৰ নাম দিছিল কপলিং ছিগা ৰে’ল হিচাপে৷ লীলা গগৈৰ জনপ্ৰিয় উপন্যাস 'কপলিং ছিগা ৰেল'ত সন্নিৱিষ্ট আছিল সেই ৰে’লৰ  যাত্ৰাকালৰ বহুতো বাস্তৱ আৰু ৰসাল কাহিনী৷

হাত দাঙিলেই যাত্ৰা পথত ৰৈ যোৱা এখন ৰে’ল, বাটত ৰখাই কুঁহিয়াৰ ৰস খাব পৰা এখন ৰে’ল, গাৰ্ডক কৈ শহুৰৰ পদূলি মূৰত ৰখাই নামি যাব পৰা এখন ৰে’ল। আৰু কত যে কাহিনী আছে এই কপলিং ছিগা ৰে’লখনৰ।কেতিয়াবা যদি গাৰ্ড বাবু নোহোৱাকৈ চলে এইখন ৰে’লখন, কেতিয়াবা ইঞ্জিন ষ্টেচন পাইহি, কিন্তু নাপাইহি ডবা, আৰু কত যে কি কাহিনী৷

গাৰ্ড বাবুৱে পুৰোহিতৰ দায়িত্ব পালন কৰা এখন বিশেষ ৰে’ল। ভাওনা,পূজা, থিয়েটাৰ চাই পলুৱাই অনা ছোৱালী সুকলমে ঘৰ পোৱাইছিল সেই ৰে’ল গাড়ীখনে। "জগবন্ধু ফটা ছাটি, ভজো পইচা, পাতি পইচা"- লীলা গগৈৰ মতে এনেকুৱাই আছিল ৰে’লখনৰ গতি।

যিয়ে নহওক প্ৰথম অৱস্থাত শিৱসাগৰৰ পৰা মৰাণহাটলৈ অহা–যোৱা কৰা ৰে’লখন আছিল সেই সময়ৰ ৰাইজৰ হিয়াৰ আমঠু, বুকুৰ কুটুম৷ পিছে সেই তাহানিৰ মিটাৰগজ ৰে’ল লাইনৰ ঠাইত ব্ৰডগজ আৰু কয়লা ইঞ্জিনৰ সলনি ডিজেল ইঞ্জিন হোৱাৰ পিছত ৰেলখন মৰাণ পাৰ হৈ ডিব্ৰুগড় পৰ্যন্ত যায়৷ সেই সময়ত পুৱা ৬.৩৫ মিনিটত শিমলুগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰি পুনৰ সন্ধিয়া ৭ বজাত শিমলুগুৰি ৰে’ল জংচন পাইহি৷ সকলোবোৰ ব্যৱস্থা উন্নত হ’লেও এই ৰে’লখনে কিন্তু তাহানিৰ সেই ইতিহাস বহন কৰি আছে৷

সময়ে সেই ৰেলপথৰ বহু সালসলনি কৰিলে ৷ কিন্তু উজনিৰ মানুহৰ মানসপটত আজিও উজ্জ্বীৱিত কপলিং ছিগা ৰে’ল৷  কোভিড পৰিস্থিতিৰ বাবে যোৱা দুটা বছৰে চলাচল বন্ধ হৈ আছিল ৰে’লখনৰ৷ যাৰ বাবে বহু অসুবিধাৰো সন্মুখীন হৈছিল যাত্ৰীসকল৷

কিন্তু ভাল খবৰ এয়াই যে শিমলুগুৰিৰ পৰা ডিব্ৰুগড়ৰলৈ চলাচল কৰা ৰে’লখন অহা ৪ জুলাইৰ পৰা পুনৰ চলিব৷

উলেখযোগ্য যে স্থানীয় যাত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ এটা দলে ৰে’ল বিভাগৰ মহাপ্ৰবন্ধকক সাক্ষাৎ কৰি ৰে’লখন পুনৰ চলাচল কৰাবলৈ আহ্বান জনাইছিল৷
Published by:Sanjay Kumar Das
First published: