• Home
  • »
  • News
  • »
  • assam
  • »
  • জয়ন্ত হাজৰিকাৰ জন্মদিৱসত কলকাতাৰ শিল্পী লোপামুদ্ৰা মিত্ৰক 'জয়ন্ত হাজৰিকা ব্যতিক্রম জীৱনযোৰা সাধনা বটাঁ'

জয়ন্ত হাজৰিকাৰ জন্মদিৱসত কলকাতাৰ শিল্পী লোপামুদ্ৰা মিত্ৰক 'জয়ন্ত হাজৰিকা ব্যতিক্রম জীৱনযোৰা সাধনা বটাঁ'

আগন্তুক অক্টোবৰ মাহত প্ৰকাশ পাব লগা জয়ন্ত হাজৰিকা শীর্ষক স্মৃতিগ্ৰন্থ এখনৰ বেটুপাতো উন্মোচন কৰে মন্ত্ৰী বিমল বড়াই।

আগন্তুক অক্টোবৰ মাহত প্ৰকাশ পাব লগা জয়ন্ত হাজৰিকা শীর্ষক স্মৃতিগ্ৰন্থ এখনৰ বেটুপাতো উন্মোচন কৰে মন্ত্ৰী বিমল বড়াই।

আগন্তুক অক্টোবৰ মাহত প্ৰকাশ পাব লগা জয়ন্ত হাজৰিকা শীর্ষক স্মৃতিগ্ৰন্থ এখনৰ বেটুপাতো উন্মোচন কৰে মন্ত্ৰী বিমল বড়াই।

  • Share this:
গুৱাহাটী মহানগৰীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ব্যতিক্রম মাছড' শীর্ষক সংস্থাটোৱে আয়োজন কৰা সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ ৭৯ সংখ্যক জন্ম দিৱসৰ কাৰ্যসূচীত পশ্চিমবংগৰ বংগৰ শিল্পী লোপামুদ্ৰা মিত্ৰক 'জয়ন্ত হাজৰিকা ব্যতিক্রম জীৱনযোৰা সাধনা বটাঁ' প্ৰদান কৰা হয়। জয়ন্ত হাজৰিকাৰ পত্নী তথা শিল্পী মনিষা হাজৰিকা, অভিনেতা প্ৰাঞ্জল শইকীয়া আদি বহুকেইজন গণ্য-মান্য ব্যক্তিৰ সহযোগত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বড়াই এই বঁটা প্ৰদান কৰে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি সাংস্কৃতিক মন্ত্রী বিমল বড়াই জয়ন্ত হাজৰিকাদেৱৰ গীতে আমাৰ মনক যুগে যুগে অনুৰণিত কৰি থাকিব বুলি প্ৰকাশ কৰে। আনন্দ ৰাম ঢেকিয়াল ফুকন, আনন্দ ৰাম বৰুৱা আদিৰ সৈতে কম বয়সতে জীৱন নাট সামৰা ক্ষণ জন্মা পুৰুষসকলৰ সৈতে জয়ন্ত হাজৰিকাকো একে শাৰীতে ৰাখিব পাৰি যিসকলে অল্পায়ুহৈও নিজ কৰ্মৰে জাতিটোক মহিয়ান কৰি থৈ গ'ল বুলি- মন্ত্রী বড়াই তেওঁৰ ভাষণত কয়।

উল্লেখ্য যে, আগন্তুক অক্টোবৰ মাহত প্ৰকাশ পাব লগা জয়ন্ত হাজৰিকা শীর্ষক স্মৃতিগ্ৰন্থ এখনৰ বেটুপাতো উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানটিত শিল্পী লোপামুদ্ৰা মিত্ৰ আৰু মনিষা হাজৰিকাই সংগীত পৰিৱেশন কৰে।
Published by:Sehnaz Begum
First published: