সকলোৰে মৰমৰ কলিজা আইতা আৰু নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ১০৮ বছৰীয়া কলিজা আইতাই। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সকলোৰে মৰমৰ সুভদ্ৰা দেৱী আইতাই। আজি পুৱা চিকিৎসালয়তে অন্তিম নিশ্বাস ত্যাগ কৰে আইতাই।
উল্লেখযোগ্য যে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা এইগৰাকী আইতা বহু লোকৰে আপোন। আইতাৰ মৰমলগা কথাই সকলোকে সন্মোহিত কৰিছিল। সকলো সময়তে আইতাৰ মুখত জিলিকি আছিল এটা মৰমসনা হাঁহি। বৃদ্ধাশ্ৰমখনলৈ অহা প্ৰতিজন লোককে মৰম কৰিছিল, আশীৰ্বাদ দিছিল আইতাই।
আইতাৰ মৃত্যুৰ পিছতে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰা হৈছে। য’ত দেখা গৈছে বৃদ্ধাৱাসখনৰ পৰিচালক উৎপল হৰ্ষবৰ্ধনে হাস্পতালৰ বিচনাত থকা কলিজা আইতাৰ নশ্বৰ দেহত হাত বুলাই কান্দি আছে। কান্দি কান্দি উৎপলে কয়, ‘‘কিমান আশা আছিল আইতাৰ, আৰু এবছৰ ৰ’বও নোৱাৰিলে। যোৱা ভালকে থাকিবা আইতা সৰগত।’’
কলিজা আইতাৰ বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰিছে বহুতকে। বিশেষ যিসকল লোকে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমলৈ আহি আইতাৰ সান্নিধ্য লাভ কৰিছে তেওঁলোকক। ছচিয়েল মিডিয়াত আইতাৰ আত্মাৰ সদগতি কামনা কৰিছে বিভিন্নজনে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 02, 2023, 18:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|