মুখ্যপৃষ্ঠা »খবৰ »অসম »কলিজা আইতা গ’লগৈ, আইতাৰ সৰু ল’ৰাৰ বয়স ৮৭ বছৰ, কোন কোন আছে পৰিয়ালত?

কলিজা আইতা গ’লগৈ, আইতাৰ সৰু ল’ৰাৰ বয়স ৮৭ বছৰ, কোন কোন আছে পৰিয়ালত?

কলিজা আইতাৰ মৃত্যুত মৰ্মাহত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ পৰিচালক উৎপল হৰ্ষবৰ্ধনৰ লগতে আশ্ৰমৰ প্ৰতিজন সদস্য।

কলিজা আইতাৰ মৃত্যুত মৰ্মাহত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ পৰিচালক উৎপল হৰ্ষবৰ্ধনৰ লগতে আশ্ৰমৰ প্ৰতিজন সদস্য।

  • Share this:
প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ মৰমৰ আইতা গ’লগৈ। ১০৮ বছৰ বয়সত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ‘কলিজা আইতা’ হিচাপে পৰিচিত সুভদ্ৰা দেৱী আইতাই। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ আছিল কলিজাই আইতা।

কলিজা আইতাৰ মৃত্যুত মৰ্মাহত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ পৰিচালক উৎপল হৰ্ষবৰ্ধনৰ লগতে আশ্ৰমৰ প্ৰতিজন সদস্য। আইতাৰ বিয়োগত যেন উকা হৈ পৰিল আশ্ৰমখন। কাৰণ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ অন্যতম আকৰ্ষণ আছিল কলিজা আইতা।

কিন্তু কিয় বৃদ্ধাশ্ৰমলৈ আহিছিল কলিজা আইতা? কোন কোন আছে আইতাৰ পৰিয়ালত? ল’ৰা–ছোৱালী কিমানগৰাকী আছিল কলিজা আইতাৰ? এইবোৰ কথা হয়তো আমি বহুতেই নাজানো। কি পৰিস্থিতিত এই বৃদ্ধাৱাসলৈ আহিছিল আইতা?

আৰু পঢ়ক : ‘তুমি যাব নালাগিছিল অ’ আইতা... তোমাৰ মৰমভৰা কথাবোৰ, উপদেশ বোৰ সদায় অনুভৱ কৰিম’

প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ ফেচবুক পেজত এক পোষ্টৰ জৰিয়তে এই কথা উল্লেখ কৰা হৈছিল। আইতাৰ বিষয়ে লিখা এই পোষ্টটোত উল্লেখ কৰা হৈছিল যে আইতাৰ ল’ৰা চাৰিগৰাকী সন্তানৰ তিনিগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। সৰু ল’ৰাৰ বয়স এতিয়া ৮৭ বছৰ। সৰু ল’ৰাও শাৰীৰিকভাৱে অসুস্থ।

আৰু পঢ়ক : সকলোৰে মৰমৰ কলিজা আইতা আৰু নাই, GMCHত চকু মুদিলে ১০৮ বছৰীয়া সুভদ্ৰা দেৱীয়ে

পোষ্টটোত উল্লেখ কৰা অনুসৰি, ডাঙৰ ল’ৰাৰ মৃত্যুৰ পিছত আইতাই স্ব–ইচ্ছাই এদিন আশ্ৰমলৈ আহিছিল। আইতা অসুস্থ হোৱাৰ পিছৰে পৰা সৰু ল’ৰাই খবৰ লৈ আছিল। সৰু পুত্ৰই আইতাক নিজৰ লগতে ৰাখিব বিচাৰিছিল যদিও আইতা আশ্ৰমতে লগ–সমনীয়া পাব বুলি এদিন আশ্ৰমলৈ গুচি আহিছিল।

শেহতীয়া বাতৰি