কলিজা আইতা আৰু নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ১০৮ বছৰীয়া কলিজা আইতাই। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সকলোৰে মৰমৰ সুভদ্ৰা দেৱী আইতাই। আজি পুৱা চিকিৎসালয়তে অন্তিম নিশ্বাস ত্যাগ কৰে আইতাই।
উল্লেখযোগ্য যে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা এইগৰাকী আইতা বহু লোকৰে আপোন। আইতাৰ মৰমলগা কথাই সকলোকে সন্মোহিত কৰিছিল। সকলো সময়তে আইতাৰ মুখত জিলিকি আছিল এটা মৰমসনা হাঁহি। বৃদ্ধাশ্ৰমখনলৈ অহা প্ৰতিজন লোককে মৰম কৰিছিল, আশীৰ্বাদ দিছিল আইতাই।
প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ অন্যতম আকৰ্ষণ আছিল কলিজা আইতা। অ’ল্ড এজন হোমলৈ অহা প্ৰতিজন লোকেই আইতাৰ মৰম–আদৰত মুগ্ধ হৈছিল। আশ্ৰমলৈ অহা লোকসকলক সম্বৰ্ধনা জনোৱা, জন্মদিন পালন কৰিবলৈ অহাসকলৰ জন্মদিনৰ কেক কটা এই সকলো দায়িত্ব যেন আছিল আইতাৰ।
আটাইতকৈ আকৰ্ষণীয় আছিল আইতাৰ কথাবোৰ। বয়সৰ ভৰত চেলাউৰি কোঁচ খোৱা আইতাৰ প্ৰতিটো কথাই যুক্তিপূৰ্ণ আছিল। আইতাৰ মুখত শুনা গৈছিল বিয়ানাম, বিহুগীত আদিও। মুঠৰ ওপৰত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ আটাইতকৈ আকৰ্ষণীয় ব্যক্তিগৰাকীয়ে আছিল কলিজা আইতা!
কিছুদিন পূৰ্বে আইতাক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত। ১০৮ বছৰীয়া আইতাৰ দেহত বাৰ্ধক্যজনিত সমস্যাই দেখা দিছিল। জিএমচিএইচৰ চিকিৎসকে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আইতাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 02, 2023, 17:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|