কাতি বিহুৰ দিনাই কলিয়াবৰৰ বালিবাটৰ এটা শিলভঙা উদ্যোগত সংঘটিত জঘন্য ঘটনাই চিন্তিত কৰি তুলিছে সমগ্ৰ অসমবাসীক। তিনি কিশোৰে এটি ৬বছৰীয়া কন্যা শিশুক ধৰ্ষণ আৰু হত্যাৰ খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ ৰাজ্যতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।
কাৰণ মোবাইল ফোনত পৰ্ন'গ্ৰাফী চায়েই এই তিনি কিশোৰ জঘন্য অপৰাধৰ প্ৰতি আকৰ্ষিত হৈছে। কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে এইক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি কয়, "এই জঘন্য কাণ্ডৰ মুল অভিযুক্ত কিশোৰটি আজি বহু দিনৰ পৰা পৰ্ন'গ্ৰাফীৰ গ্ৰাসত পৰিছিল। ইয়াৰ পূৰ্বেও কিশোৰটিয়ে এনে অপৰাধজনিত কাৰ্যকলাপৰ চেষ্টাত লিপ্ত হৈছিল।"
সম্প্ৰতি তিনিওগৰাকী কিশোৰকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে আজি জুভেইনেল আদালতত হাজিৰ কৰোৱা হৈছে। শিলভঙা উদ্যোগত থকা চিচিটিভি ফুটেজৰ ভিত্তিত দোষীক চিনাক্ত কৰিছিল কলিয়াবৰ আৰক্ষীয়ে।
কিন্তু তিনিটি কিশোৰে এটি প্ৰায় সমনীয়া শিশুক ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য অপৰাধজনিত ঘটনা সংঘটিত কৰাৰ পিছতে সমগ্ৰ ৰাজ্যখনতে সৃষ্টি হৈছে চাঞ্চল্যৰ। আৰক্ষীয়েও প্ৰথম অৱস্থাত অপৰাধীক চিনাক্ত কৰি হতচকিত হৈ পৰিছিল।
কিন্তু এই সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ হৈ পৰিছে মোবাইল ফোন। আপুনি নজনাকৈয়ে হয়তো আপোনাৰ শিশুটিয়েও বৰ্তমান মোবাইল ফোনত এনে পৰ্ন'গ্ৰাফীৰ গ্ৰাসত পৰিব পাৰে। যি আপোনাৰ শিশুটিৰ মনস্তাত্ত্বিক দিশত প্ৰভাৱ পেলোৱাৰ লগতে আপোনাৰ শিশুটিকো জঘন্য অপৰাধৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে।
উল্লেখ্য যে পৰ্ন'গ্ৰাফীৰ গ্ৰাসত পৰা ১১-১২ বছৰীয়া তিনি কিশোৰে কাতি বিহুৰ পুৱাই এটি ৬বছৰীয়া শিশুক যৌন নিৰ্যাতন চলাই চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা চলাইছিল। মুমূৰ্ষু অৱস্থাত থকা ৬ বছৰীয়া কন্যা শিশুটিক পিছত ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিছিল যদিও আদবাটতে শিশুটিৰ মৃত্যু হৈছিল। এই ঘটনাত তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো। আৰক্ষী অধীক্ষকগৰাকীয়েও অভিভাৱকসকলক পৰাপক্ষত মোবাইল ফোনৰ পৰা নিলগত ৰখাৰ পৰামৰ্শ দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|