কোকৰাঝাৰত ‘ডাইনী’ কাণ্ড : জালত পৰিল ৬জন

ভদ্ৰেশ্বৰ ৰাভা নামৰ এটা পৰিয়ালৰ ওপৰত চলিছিল অত্যাচাৰ। এসপ্তাহত পৰিয়ালটোক গাঁও এৰাৰ নিৰ্দেশ দিছিল ৰাইজে

News18-Assam
Updated:August 10, 2019, 9:56 PM IST
কোকৰাঝাৰত ‘ডাইনী’ কাণ্ড : জালত পৰিল ৬জন
ভদ্ৰেশ্বৰ ৰাভা নামৰ এটা পৰিয়ালৰ ওপৰত চলিছিল অত্যাচাৰ। এসপ্তাহত পৰিয়ালটোক গাঁও এৰাৰ নিৰ্দেশ দিছিল ৰাইজে
News18-Assam
Updated: August 10, 2019, 9:56 PM IST
কোকৰাঝাৰত ডাইনীকাণ্ড সন্দৰ্ভত ৬জনক গ্ৰেপ্তাৰ, ডাইনীৰ সন্দেহত অত্যাচাৰ চলোৱাৰ অভিযোগত কোকৰাঝাৰৰ ঝোৰনাগ্ৰা গাঁৱৰ পৰা ৬জনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ধৃতকেইজনৰ নাম ক্ৰমে কৰম ৰাভা, লংগৰ ৰাভা, জেৰেং ৰাভা, নিতাই ৰাভা, সমেশ্বৰ ৰাভা আৰু পেন্দৰ ৰাভা। ভদ্ৰেশ্বৰ ৰাভা নামৰ এটা পৰিয়ালৰ ওপৰত চলিছিল অত্যাচাৰ। এসপ্তাহত পৰিয়ালটোক গাঁও এৰাৰ নিৰ্দেশ দিছিল ৰাইজে। এই নিৰ্দেশৰ পিছতে সম্পদ বিক্ৰী কৰি গাঁও এৰিবলৈ বাধ্য হৈছিল পৰিয়ালটো। আৰু এই সন্দৰ্ভত একমাত্ৰ NEWS18ত সবিস্তাৰে বাতৰি সম্প্ৰচাৰৰ পিছতে আৰক্ষীয়ে তত্পৰতা দেখুৱাই তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৬জনক।
আৰু চাওক পৰৱৰ্তী বাতৰি