உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কোকৰাঝাৰ অভয়াখুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দুধনৈত, চাৰি ৰাভা জাতীয় সংগঠনৰ মুখ্যমন্ত্ৰী–ডিজিপিলৈ স্মাৰকপত্ৰ

    কোকৰাঝাৰ অভয়াখুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দুধনৈত, চাৰি ৰাভা জাতীয় সংগঠনৰ মুখ্যমন্ত্ৰী–ডিজিপিলৈ স্মাৰকপত্ৰ

    ১১ জুন তাৰিখে কোকৰাঝাৰ জিলাৰ অভয়াখুটিৰ দুগৰাকী কিশোৰীক পৰিকল্পিতভাৱে ধৰ্ষণ কৰি হত্যা কৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত আছে৷

    ১১ জুন তাৰিখে কোকৰাঝাৰ জিলাৰ অভয়াখুটিৰ দুগৰাকী কিশোৰীক পৰিকল্পিতভাৱে ধৰ্ষণ কৰি হত্যা কৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত আছে৷

    ১১ জুন তাৰিখে কোকৰাঝাৰ জিলাৰ অভয়াখুটিৰ দুগৰাকী কিশোৰীক পৰিকল্পিতভাৱে ধৰ্ষণ কৰি হত্যা কৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত আছে৷

    • Share this:
    কোকৰাঝাৰ অভয়াখুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দুধনৈত৷ চাৰি ৰাভা জাতীয় সংগঠনৰ হুংকাৰ৷ অভিযুক্তক ফাষ্টট্ৰেক আদলতৰ জৰিয়তে বিচাৰ কৰি ফাঁচিৰ দাবী৷ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰকপত্ৰ প্ৰদান৷ যোৱা ফেব্ৰুৱাৰী মাহতে ঢেকীয়াজুলিত ধৰ্ষণ কৰি মাতৃ-জীয়ৰীক হত্যা কৰাৰ পিছত অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যক মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী৷

    ১১ জুন তাৰিখে কোকৰাঝাৰ জিলাৰ অভয়াখুটিৰ দুগৰাকী কিশোৰীক পৰিকল্পিতভাৱে ধৰ্ষণ কৰি হত্যা কৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত আছে৷ এনে দুষ্কাৰ্যক লৈ বিভিন্ন দ’ল-সংগঠনে তীব্ৰ গৰিহণা জনোৱাৰ সামন্তৰালকৈ ৰাভা জাতীয় সংগঠনসমূহেও একেমুখে এই দুষ্কাৰ্যক তীব্ৰ নিন্দা কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছে৷

    দুধনৈত আজি নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা সাহিত্য সভা, ষষ্ঠ অনুসূচী দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰিষদে উক্ত ধৰ্ষণ তথা হত্যা কৰাৰ অপৰাধত জড়িত অপৰাধীক ফাঁচিৰ জৰিয়তে কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়৷ এই সম্পৰ্কে ৰাভা জাতীয় সংগঠনকেইটাই অপৰাধীক কঠোৰ শাস্তি বিহিবলৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰদান কৰে৷

    স্মাৰকপত্ৰত ৰাভা জাতীয় সংগঠনকেইটাই অপৰাধীয়ে যাতে আইনৰ সুৰঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰ তথা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে ফাঁচিৰ জৰিয়তে কঠোৰ শাস্তি বিহিবলৈ অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে৷ দুধনৈ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰদান কৰা স্মাৰক পত্ৰত ৰাভা জাতীয় সংগঠনকেইটাই উল্লেখ কৰা দাবীসমূহ হৈছে - ১/ অভয়াখুটি ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত দুস্কৃতিকাৰী সকলক ফাষ্ট ট্রেক আদালতৰ জৰিয়তে বিচাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰা ২/ দুৰ্ভগীয়া কিশোৰী দুগৰাকীৰ নিকট আত্মীয়ক উচিত  ক্ষতিপূৰণ দিয়াৰ লগতে চৰকাৰী সংস্থাপন প্ৰদান কৰা৷ অভয়াখুটিত সংঘটিত ধৰ্ষণ তথা হত্যা কাণ্ডত জড়িত অপৰাধী কেইজনক মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত অতি তৎপৰতাৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়োক আৰু অসম আৰক্ষীক ধন্যবাদ তথা কৃতজ্ঞতা জনায়৷

    আনহাতে উক্ত ঘটনাৰ লগতে যোৱা ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত চপাই বালিগাঁৱৰ ঘটনাক লৈও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ উক্ত ঘটনাৰ লগত জৰিত অপৰাধীক চাৰি মাহে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে কোকৰাঝাৰ কাণ্ডত জৰিত অপৰাধীক মুখ্যমন্ত্ৰীয়ে যি ধৰণে হস্তক্ষেপ কৰি ক্ষিপ্ৰতাৰে তদন্ত আগবঢ়াইছে একেদৰে ঢেকীয়াজুলিৰ ধৰ্ষণ কাণ্ডৰ অপৰাধীকো অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায়৷
    Published by:Sanjay Kumar Das
    First published: