உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আৰক্ষীক দাৰে ঘপিয়াই পলায়নৰ চেষ্টা কৰিছিল ধৰ্ষণকাৰী ফৰিজুলে, আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে চলাইছিল গুলী

    আৰক্ষীক দাৰে ঘপিয়াই পলায়নৰ চেষ্টা কৰিছিল ধৰ্ষণকাৰী ফৰিজুলে, আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে চলাইছিল গুলী

    কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ৪৪০/২১ মৰ্মে অভিযুক্ত তিনিটাক আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ অন্তত অভিযুক্ত তিনিটাই নিজৰ দোষ স্বীকাৰ কৰে।

    কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ৪৪০/২১ মৰ্মে অভিযুক্ত তিনিটাক আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ অন্তত অভিযুক্ত তিনিটাই নিজৰ দোষ স্বীকাৰ কৰে।

    কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ৪৪০/২১ মৰ্মে অভিযুক্ত তিনিটাক আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ অন্তত অভিযুক্ত তিনিটাই নিজৰ দোষ স্বীকাৰ কৰে।

    • Share this:
    ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনিটা মূল অভিযুক্তৰ অন্যতম ফৰিজুল ৰহমান(২২) কোকৰাঝাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ফৰিজুল ৰহমানক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি বৰপেটাস্থিত ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

    কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰে আজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক সংবাদমেল আয়োজন কৰি কয় যে অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনি মূল অভিযুক্ত ক্ৰমে মুজাম্মেল শ্বেখ (২০), নজিবুল আলী (১৯) আৰু ফৰিজুল ৰহমান(২২)ক আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল। কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ৪৪০/২১ মৰ্মে অভিযুক্ত তিনিটাক আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ অন্তত অভিযুক্ত তিনিটাই নিজৰ দোষ স্বীকাৰ কৰে।

    ইয়াৰে ফৰিজুল ৰহমান নামৰ অভিযুক্তটোৱে ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা এগৰাকী নাবালিকাৰ এটা মোবাইল ফোন বেদলাংমাৰী এলেকাৰ শালবাৰী এলেকাত লুকাই থোৱা বুলি স্বীকাৰোক্তি প্ৰদান কৰাত নিশা ২ মান বজাত তদন্তকাৰী দল এটাই অভিযুক্ত ফৰিজুলক লৈ চক্ৰশীলা ফৰেষ্টৰ সংলগ্ন বেদলাংমাৰীৰ শালবাৰী এলেকালৈ যায়।

    অভিযুক্তক লৈ আৰক্ষীৰ দলটোৱে বেদলাংমাৰী এলেকাত উপস্থিত হোৱাৰ পিছত অভিযুক্ত ফৰিজুলে আৰক্ষীৰ তদন্তকাৰী দলটোক মোবাইল ফোন দেখুওৱাৰ চলেৰে ঘন জংঘলৰ ভিতৰত সোমাই যায়। ইয়াৰ পিছতে হেণ্ডকাফ ধৰি থকা আৰক্ষী কনিষ্টবল অতুল বড়োক পূৰ্বতে উক্ত ঠাইত লুকাই ৰখা এখন দাৰে হাতত ঘাপ মাৰি পলায়নৰ চেষ্টা কৰে। অভিযুক্তৰ আক্ৰমণত আহত হয় কনিষ্টবলজন৷ কনিষ্টবলক আক্ৰমন কৰি ফৰিজুল ৰহমানে পলায়নৰ চেষ্ঠা কৰাত আৰক্ষীয়ে বাধ্য হৈ দুজাঁই গুলীচালনা কৰে। ইয়াৰে এজাঁই গুলী ফৰিজুলৰ ভৰিত আঘাত কৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

    আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ফৰিজুল ৰহমানক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰে মৰণোত্তৰ প্ৰতিবেদনো আহি পোৱা বুলি সদৰি কৰিছে। মৰণোত্তোৰ প্ৰতিবেদনত নাবালিকা দুগৰাকীক ধৰ্ষণ কৰাৰ পিছত হত্যা কৰা বুলি প্ৰকাশ পাইছে।
    Published by:Sanjay Kumar Das
    First published: