হেণ্ডকাফ ধৰি থকা আৰক্ষী কনিষ্টবলজনক আক্ৰমণ কৰি ফৰিজুল ৰহমানে পলাই যাবলৈ চেষ্ঠা কৰে যদিও ব্যৰ্থ হয়।
হেণ্ডকাফ ধৰি থকা আৰক্ষী কনিষ্টবলজনক আক্ৰমণ কৰি ফৰিজুল ৰহমানে পলাই যাবলৈ চেষ্ঠা কৰে যদিও ব্যৰ্থ হয়।
ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনিটা মূল অভিযুক্তৰ অন্যতম ফৰিজুল ৰহমান(২২) কোকৰাঝাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ফৰিজুল ৰহমানক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।
প্ৰাপ্ত বাতৰি অনুসৰি, অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনিটা মূল অভিযুক্ত ক্ৰমে মুজাম্মেল শ্বেখ (২০), নজিবুল আলী (১৯) আৰু ফৰিজুল ৰহমান (২২)ক আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল। কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ৪৪০/২১ মৰ্মে অভিযুক্ত তিনিটাক আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ অন্তত অভিযুক্ত তিনিটাই নিজৰ দোষ স্বীকাৰ কৰে।
ইয়াৰে ফৰিজুল ৰহমান নামৰ অভিযুক্তটোৱে ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা এগৰাকী নাবালিকাৰ এটা মোবাইল ফোন শালবাৰী এলেকাত লুকুৱাই থোৱা বুলি স্বীকাৰোক্তি প্ৰদান কৰাত কালি নিশা তদন্তকাৰী দল এটাই অভিযুক্ত ফৰিজুলক লৈ শালবাৰী এলেকালৈ যায়। অভিযুক্তক লৈ আৰক্ষীৰ দলটোৱে বেদলাংমাৰী এলেকাত উপস্থিত হোৱাৰ পিছত অভিযুক্ত ফৰিজুলে আৰক্ষীৰ তদন্তকাৰী দলটোক মোবাইল ফোন দেখুওৱাৰ চলেৰে ঘন জংঘললৈ লৈ যায়। ইয়াৰ পিছতে হেণ্ডকাফ ধৰি থকা আৰক্ষী কনিষ্টবলজনক আক্ৰমণ কৰি ফৰিজুল ৰহমানে পলাই যাবলৈ চেষ্ঠা কৰে যদিও ব্যৰ্থ হয় আৰু টনা-আজোৰাত হেণ্ডকাফে ফৰিজুলৰ হাত কাটে।
ক্ষন্তেক সময় পিছতে পুনৰাই মোবাইল বিচৰাৰ নামত ঘন আন্ধাৰ আৰু জংঘলৰ সুযোগ লৈ আৰক্ষীক আক্ৰমণ কৰি ফৰিজুল পলাবলৈ চেষ্ঠা কৰাত আৰক্ষীয়ে বাধ্য হৈ দুজাঁই গুলীচালনা কৰে। ইয়াৰে এজাঁই গুলীয়ে ফৰিজুলৰ ভৰিত আঘাত কৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে আঘাতপ্ৰাপ্ত ফৰিজুল ৰহমানক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|