• Home
  • »
  • News
  • »
  • assam
  • »
  • Business: গাহৰি পালনেৰে স্বাৱলম্বী কোকৰাঝাৰৰ ৰাহুল নাৰ্জাৰী এতিয়া হৈ পৰিছে নিবনুৱা যুৱক-যুৱতীৰ আদৰ্শ...

Business: গাহৰি পালনেৰে স্বাৱলম্বী কোকৰাঝাৰৰ ৰাহুল নাৰ্জাৰী এতিয়া হৈ পৰিছে নিবনুৱা যুৱক-যুৱতীৰ আদৰ্শ...

যি সময়ত একাংশ যুৱক যুৱতী য়ে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই আছে তথা কিছুমানে কৰ্মহীনতাৰ বাবে হতাশ হৈ পৰিছে, সেই সময়ত কোকৰাঝাৰৰ উদয়ীমান যুৱক ৰাহুল নাৰ্জাৰীয়ে কেনেকৈ আত্মনিৰ্ভৰশীল হব পাৰি তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

  • Share this:
যি সময়ত একাংশ যুৱক যুৱতী য়ে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই আছে তথা কিছুমানে কৰ্মহীনতাৰ বাবে হতাশ গ্ৰস্ত হৈ আত্মহননৰ দৰে বক্ৰ পথ বাছি লৈছে সেই সময়ত কোকৰাঝাৰৰ উদয়ীমান যুৱক এগৰাকীয়ে কেনেকৈ আত্মনিৰ্ভৰশীল হব পাৰি তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । কথাতে আছে বোলে মন কৰিলে ছন , বাকৰি মাটিতেই ধণ ৷ এই  বাক্যশাৰীৰ প্ৰাসংগিতাক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে কোকৰাঝাৰৰ এই গৰাকী যুৱকে । তেওঁ হল  কোকৰাঝাৰ  চহৰৰ তিতাগুড়ি জানাগাঁৱৰ প্ৰৱল আত্ম বিশ্বাসী ৰাহুল নাৰ্জাৰী ।

ৰাহুলে এটা চৰকাৰী  চাকৰিৰ আশাত অমূল্য সময় নষ্ট নকৰি ২০১৮ চনত মাথোঁ ৯ টা গাহৰিৰে এখন পাম আৰম্ভ কৰে আৰু এতিয়া উক্ত পামখনত এশটাতকৈও অধিক গাহৰি হৈছে ।  ৰাহুলে কয় যে গাহৰি পাম স্থাপন তথা গাহৰি ব্যৱসায়ৰ যোগেদি সন্তোষজনক লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে । তেওঁৰ পৰা জানিব পৰা মতে তেওঁৰ পামত বিভিন্ন প্ৰজাতিৰ গাহৰি আছে ।তাৰে ভিতৰত গোৱালপাৰাত পোৱা থাউখ্ৰী ,কোকৰাঝাৰত প্ৰসিদ্ধ  ডুম ( থলুৱা ), হেম্পছায়াৰ,ইয়ৰ্ক ছায়াৰ প্ৰজাতিৰ গাহৰি আছে । ৰাহুলৰ মতে  গাহৰিৰ বজাৰ বহুত আছে ৷কিন্তু চাহিদা অনুসৰি যোগান ধৰিব পৰা নাই বুলি উল্লেখ কৰি ইয়াত গাহৰি পালক সকলৰ বাবে কোনো ধৰণৰ সমস্যা নাই বুলি মত পোষণ কৰে । হেম্পছায়াৰ,ইয়ৰ্ক ছায়াৰ প্ৰজাতিৰ গাহৰি ন মাহ দহ মাহৰ ভিতৰতে বিক্ৰী কৰাৰ বাবে উপযোগী হৈ পৰে বুলি জানিব দি যুৱ প্ৰজন্মক গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হবলৈ আহবান জনাই  উদ্যমী যুৱক গৰাকীয়ে। আনহাতে ৰাহুলে সম্প্ৰতি সকলো ধৰণৰ খা-খৰচ বাদ দি প্ৰতি মাহে ষাঠি হেজাৰতকৈ অধিক অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব দিয়ে ।পৰিশ্ৰমী আৰু আত্ম বিশ্বাসী ৰাহুলৰ মতে যিকোনো কাম কৰিলে ততাতৈয়াকৈ ফলাফল আশা কৰা নাযায় ৷কিছু সময়ৰ প্ৰয়োজন হয় বুলি কয় ।         উল্লেখযোগ্য যে গাহৰিৰ উপৰিও থলুৱা কুকুৰা, ,হাঁহ আৰু ছাগলী পামো আৰম্ভ কৰিছে ৰাহুলে ৷ তেওঁ বজাৰৰ বাবে সমস্যা নাই বুলি জানিব দি চাহিদা অনুযায়ী ছাগলী গাহৰি  মাংস এতিয়াও পৰ্যাপ্ত নহয়  ৷গতিকে গাহৰিৰ লগতে আন পাম  স্থাপনৰ জৰিয়তে নিৱনুৱা সকলে আত্ম সংস্থাপনৰ পথ উলিয়াই ল'ব পাৰে বুলিও কয় ।
Published by:Kokil Sarma
First published: