‘অসমত শীঘ্ৰে সলনি হ’ব নেতৃত্বৰ, হয়তো সলনি হ’ব মুখ্যমন্ত্ৰীও’

News18 Assam | News18-Assam
Updated:January 11, 2020, 2:16 PM IST
‘অসমত শীঘ্ৰে সলনি হ’ব নেতৃত্বৰ, হয়তো সলনি হ’ব মুখ্যমন্ত্ৰীও’
বিপদ হ’ব বুলিয়ে হাগ্ৰামা মহিলাৰীয়ে নৱ শৰণীয়াৰ নাম নলয় বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

বিপদ হ’ব বুলিয়ে হাগ্ৰামা মহিলাৰীয়ে নৱ শৰণীয়াৰ নাম নলয় বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

  • Share this:
বৰপেটাৰ ভৱানীপুৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিস্ফোৰক মন্তব্য। সাংসদগৰাকীয়ে কয় যে ‘ৰাজ্য চৰকাৰৰ কাম–কাজক লৈ সুখী নহয় কেন্দ্ৰীয় চৰকাৰ। সেয়েহে দুবাৰকৈ বাতিল কৰা হ’ল প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী। অসমত শীঘ্ৰে সলনি হ’ব নেতৃত্ব, হয়তো সলনি হ’ব মুখ্যমন্ত্ৰীও।’

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন মষিমূৰ আৰু বিপথে পৰিচালিত কৰিবলৈ বিজেপিৰ নাটক আৰু ষড়যন্ত্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে নৱ শৰণীয়াই। আনহাতে, হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কোকৰাঝাৰৰ সাংসদগৰাকীয়ে কয় – আমাৰ হাতত বিটিচিৰ শাসকক জে’লত ভৰাব পৰা তথ্য আছে। অবড়োৰ চৰকাৰ আহিলে এনে নেতাক কাঠগড়াত থিয় কৰোৱা হ’ব।

বিপিএফক প্ৰত্যাহ্বান জনাই শৰণীয়াই কয় – সাহস আছে যদি আজিয়ে মাটিৰ পট্টা দিয়ক। ইফালে, বিপদ হ’ব বুলিয়ে হাগ্ৰামা মহিলাৰীয়ে নৱ শৰণীয়াৰ নাম নলয় বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি