• Home
  • »
  • News
  • »
  • assam
  • »
  • বিচনাত ধানখেৰ পাৰি পঢ়া এগৰাকী ছাত্ৰীৰ প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ, প্ৰকাশ কৰিলে নিজৰ মনৰ কথা...

বিচনাত ধানখেৰ পাৰি পঢ়া এগৰাকী ছাত্ৰীৰ প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ, প্ৰকাশ কৰিলে নিজৰ মনৰ কথা...

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শিলপুৰ গাঁৱৰ বাসিন্দা নৱম শ্ৰেণীত অধ্যায়নৰত মনোৰা টুডু বেচৰকাৰী বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। ঘৰত পঢ়িবলৈ নাই টেবুল-চকী, নাই আন আচবাব।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শিলপুৰ গাঁৱৰ বাসিন্দা নৱম শ্ৰেণীত অধ্যায়নৰত মনোৰা টুডু বেচৰকাৰী বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। ঘৰত পঢ়িবলৈ নাই টেবুল-চকী, নাই আন আচবাব।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শিলপুৰ গাঁৱৰ বাসিন্দা নৱম শ্ৰেণীত অধ্যায়নৰত মনোৰা টুডু বেচৰকাৰী বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। ঘৰত পঢ়িবলৈ নাই টেবুল-চকী, নাই আন আচবাব।

  • Share this:
২৪ জানুৱাৰীত জাতীয় কন্যা শিশু দিৱস পালন কৰা হয়। জাতীয় কন্যা শিশু দিৱসৰ দিনা দুৰ্গম অঞ্চলত বসবাস কৰা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে মনৰ কথা ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰীৰ ওচৰত। প্ৰধানমন্ত্ৰী মোদীলৈ লিখিলে পত্ৰ। ভিতৰুৱা, দুৰ্গম অঞ্চলৰ শৈক্ষিক সমস্যা, ছোৱালী শিক্ষাৰ প্ৰসাৰ আৰু লক্ষ্য অৰ্জনত সকলো সুবিধা থকা এখন চৰকাৰী বিদ্যালয় প্ৰয়োজনীয়তা, প্ৰতি পাঁচ কিলোমিটাৰত সকলো সুবিধা থকা এখনকৈ মাধ্যমিক বিদ্যালয় স্থাপন কৰা আদি বিষয় উল্লেখ কৰিলে চিঠিখনত।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শিলপুৰ গাঁৱৰ বাসিন্দা নৱম শ্ৰেণীত অধ্যায়নৰত মনোৰা টুডু বেচৰকাৰী বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। ঘৰত পঢ়িবলৈ নাই টেবুল-চকী, নাই আন আচবাব। শীতকালত প্ৰচণ্ড ঠাণ্ডাত মাটিত ধানখেৰ পাৰি ৰাতি যাপন কৰে। সেই মাটিত পতা বিছনাখনতে বহি লিখা–পঢ়াও কৰে। নিজ গৃহৰ পৰা বিদ্যালয় দহ কিলোমিটাৰ দূৰত অৱস্থিত। প্ৰতিদিনে নিজৰ চাইকেলখন লৈ পুৱা সাত বজাত বিদ্যালয়লৈ ওলাই যায়। বিদ্যালয়ৰ পৰা ঘৰ পাওঁতে আবেলি চাৰি বাজে। এয়া বিদ্যালয় খোলা থকা প্ৰতিদিনৰ কাৰ্যসূচী।

তথাপিও ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখিছে চৈধ্য বছৰীয়া মনোৰা টুডুৱে। দেউতাকৰ নাম নিকুদিন টুডু। এজন ক্ষুদ্ৰ কৃষক, বণুৱা, খৰিকটীয়া। দৰিদ্ৰ সীমাৰেখাৰ তলৰ এটা পৰিয়ালৰ মুৰব্বী। থাকিবলৈ ভাল ঘৰ এটাও নাই। বৰষুণ দিলে পানী ঘৰৰ ভিতৰলৈ সোমাই আহে। শীতকালত প্ৰচণ্ড ঠাণ্ডাত মাটিত ধানখেৰ পাৰি ৰাতি যাপন কৰে। নিৰক্ষৰ দেউতাকে ইমান পৰিশ্ৰম কৰে কাৰণ তিনিজনী ছোৱালীয়ে ভালদৰে পঢ়ি ডাঙৰ মানুহ হোৱাৰ আশা মনত পুহি ৰাখিছে। ডাঙৰ দুজনী ছোৱালী বৰ্তমান গোসাইগাঁও মহাবিদ্যালয়ত স্নাতক প্ৰথম ষান্মাসিকত পঢ়ি আছে। সৰুজনী জীয়েক মনোৰা টুডু বেচৰকাৰী বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়ি আছে। বিদ্যালয়ৰ মাহিলী মাছুল দিব লাগে ৫২০ টকা। লগতে কিতাপ পত্ৰ, আন আনুসংগিক বস্তু যোগান ধৰিব লাগে।

চিকিৎসক হ'বলৈ ইচ্ছা প্ৰকাশ কৰা মনোৰাই কয়, মোৰ ঘৰৰ পৰা বিদ্যালয়ৰ দূৰত্ব দহ কিলোমিটাৰ। চাইকেলেৰে অহা যোৱা কৰো। বাট–পথ একেবাৰে বেয়া, খৰালিত খোজ কাঢ়িব পাৰি যদিও বাৰিষাত কদৰ্য ৰূপ ধাৰণ কৰে। কাঠৰ দলং কেতিয়াবাই জহিখহি গৈছে। বাৰিষা আহিলে সেয়াও বন্ধ হৈ পৰে।

পাঁচ-ছয় কিলোমিটাৰ দূৰত চৰকাৰী বিদ্যালয় আছে যদিও কম্পিউটাৰ আৰু আন আনুসংগিক বিষয় নথকাত দেউতাকে বিচাৰে সকলো সুবিধা থকা এখন বিদ্যালয়ত পঢ়াবলৈ। ভালদৰে পঢ়া শুনা কৰি নিজৰ লক্ষ্যত যাতে উপনিত হ'ব পাৰে। মনোৰাৰ দৰে আৰু বহুতো দুখীয়া ঘৰৰ ছাত্ৰী আছে। তেওঁলোকেও ভালদৰে পঢ়া শুনা কৰি নিজৰ লক্ষ্যত উপনীত হ'ব বিচাৰে। কিন্তু আৰ্থিক দৈন্যতাৰ ফলত সকলো সুবিধা থকা বিদ্যালয়ত পঢ়িবলৈ সুযোগ পোৱা নাই। শিক্ষাৰ অধিকাৰ আইনৰ অধীনত প্ৰতি পাঁচ কিলোমিটাৰত সকলো সা–সুবিধা থকা এখনকৈ উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰলৈ অনুৰোধ জনাই এনেদৰেই নিজৰ মত ব্যক্ত কৰে মনোৰা টুডুৱে।

ভিতৰুৱা, দুৰ্গম অঞ্চলৰ এনেবোৰ শৈক্ষিক সমস্যাৰ কথা মনোৰা আৰু কেইবাগৰাকীও ছাত্ৰীয়ে ২৪ জানুৱাৰীত জাতীয় কন্যা শিশু দিৱসত পোষ্টকাৰ্ডৰ মাধ্যমেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰে। ২৪ জানুৱাৰী তাৰিখত পালন কৰা জাতীয় কন্যা শিশুৰ দিৱসত অসমৰ পাঁচখন জিলাৰ পশ্চিম অসমৰ কোকৰাঝাৰ, ধুবুৰী, উজনি অসমৰ যোৰহাট, তিনচুকীয়া আৰু লখিমপুৰৰ পৰা ৪৫০০ গৰাকী কিশোৰীয়ে পোষ্টকাৰ্ডত নিজৰ মন্তব্য প্ৰকাশ কৰি ডাকঘৰৰ মাধ্যমেদি প্ৰধানমন্ত্ৰীলৈ পঠাইছিল। সকলোৱে প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিছিল প্ৰতি পাঁচ কিলোমিটাৰৰ অন্ততঃ সকলো সুযোগ সুবিধা থকা এখনকৈ মাধ্যমিক বিদ্যালয় স্থাপন কৰিবলৈ। লগতে ছোৱালী শিক্ষাৰ প্ৰসাৰ আৰু লক্ষ্য অৰ্জনত সকলো সুযোগ সুবিধা গ্ৰহণ কৰিব পৰা এখন চৰকাৰী বিদ্যালয়।

২৪ জানুৱাৰী তাৰিখত পালন কৰা জাতীয় কন্যা শিশুৰ দিৱসত পোষ্টকাৰ্ডবোৰ "চেম্পিয়নছ ফৰ গার্লছ এডুকেচন"ৰ এটা প্রচাৰ অভিযানৰ অধীনত প্রেৰণ কৰা হৈছিল, ৰাইট টু এডুকেচন ফ’ৰাম আৰু স্কোৰ নেটওয়ার্ক (UP)-ৰ লগত কাম কৰা এটা সংস্থাৰ যোগেদি।  দুটা স্থানীয় বেচৰকাৰী সংস্থা, নর্থ ইষ্ট ৰিছার্চ এণ্ড ছচিয়েল ৱৰ্ক নেটৱর্কিং (এনইআৰএসডব্লিউএন) আৰু নেদান ফাউণ্ডেচন কোকৰাঝাৰ আৰু ধুবুৰী জিলাত এই দায়িত্বত আছিল।
Published by:Sanjay Kumar Das
First published: