• Home
  • »
  • News
  • »
  • assam
  • »
  • কোকৰাঝাৰৰ অভয়াখুঁটিৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডঃ তিনি অপৰাধীক মৃত্যুদণ্ড দিলে কোকৰাঝাৰৰ বিশেষ আদালতে

কোকৰাঝাৰৰ অভয়াখুঁটিৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডঃ তিনি অপৰাধীক মৃত্যুদণ্ড দিলে কোকৰাঝাৰৰ বিশেষ আদালতে

এয়া ন্যায়ৰ জয় আৰু অসম আৰক্ষীৰ এক বৃহৎ সফলতা বুলি দাবী কৰিছে বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণৈয়ে।

এয়া ন্যায়ৰ জয় আৰু অসম আৰক্ষীৰ এক বৃহৎ সফলতা বুলি দাবী কৰিছে বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণৈয়ে।

এয়া ন্যায়ৰ জয় আৰু অসম আৰক্ষীৰ এক বৃহৎ সফলতা বুলি দাবী কৰিছে বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণৈয়ে।

  • Share this:
সমগ্ৰ অসম জোঁকাৰি যোৱা কোকৰাঝাৰৰ অভয়াখুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডত দোষী প্ৰমাণিত হোৱা তিনি অভিযুক্তক কোকৰাঝাৰৰ বিশেষ আদালতে মৃত্যুদণ্ডৰ ৰায় দিয়ে। আৰু এই ঐতিহাসিক ৰায়দানে মহিলা আৰু যুৱতীৰ ওপৰত চলা অপৰাধৰ সংখ্যা হ্ৰাস কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণৈয়ে।

শুকুৰবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ চি চতুৰ্বেদীয়ে অভয়াখুটিৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনি অভিযুক্তক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ পিছতেই শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কৰে উক্ত মন্তব্য।

সংবাদমাধ্যমৰ আগত যোৱা ২০২১ চনৰ ১০  জুনৰ আবেলি সংঘটিত হোৱা অভয়াখুঁটি কাণ্ডৰ তিনিদিনৰ ভিতৰত অভিযুক্তক আটক কৰি ৫৫ দিনৰ ভিতৰত আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰিছিল আৰু ৪৮ গৰাকী সাক্ষী মজুত কৰিছিল বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।

শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে সম্পূৰ্ণ ২৭২ দিনৰ অন্তত কোকৰাঝাৰৰ বিশেষ আদালতৰ বিশেষ ন্যায়ধীশে যোৱা ৬ এপ্ৰিলত তিনিগৰাকী অভিযুক্ত ক্ৰমে মোজাম্মেল শ্বেখ , ফৰিজুল ৰহমান আৰু নাজিবুল আলীক দোষী সাব্যস্ত কৰিছিল আৰু তাৰ দুদিন পিছত অৰ্থাৎ আজি তিনিও অপৰাধীকে মৃত্যুদণ্ডৰে দণ্ডিত কৰাত অত্যন্ত সুখী বুলি জানিব দিয়ে। লগতে এয়া ন্যায়ৰ জয় আৰু অসম আৰক্ষীৰ এক বৃহৎ সফলতা বুলি দাবী কৰে।
Published by:Himangshu Bhuyan
First published: