ভ্ৰাম্যমান থিয়েটাৰ মঞ্চস্থৰ সময়ত সৃষ্টি হোৱা কিছু অপ্ৰীতিকৰ পৰিস্থিতিক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে। জানিব পৰা মতে, শিৱসাগৰত থিয়েটাৰৰ অভিনেতা–অভিনেত্ৰীয়ে দৰ্শকৰ কটু বাক্যৰ সন্মুখীন হ’ব লগাত পৰে। শিৱসাগৰৰ খনামুখত কহিনুৰ থিয়েটাৰে তিনিদিনীয়া থিয়েটাৰৰ এখন নাটক মঞ্চস্থ হৈ থকাৰ মাজতে গেলাৰীত বহি থকা কিছুসংখ্যক যুৱকে অশ্লীল শব্দ প্ৰয়োগ কৰাত অতিষ্ঠ হৈ মঞ্চৰ পৰাই অভিনেত্ৰী অংকিতা শইকীয়াই ৰাইজক এনে বাক্য প্ৰয়োগ নকৰিবলৈ আহ্বান জনায়।
কহিনুৰ থিয়েটাৰৰ অভিনেত্ৰী অংকিতা শইকীয়াই গেলাৰীত বহা দৰ্শকলৈ আহ্বান জনাই ক’লে, "হাতযোৰ কৰি অনুৰোধ কৰিছোঁ নিজৰ ঠাইখনৰ সন্মান ৰক্ষা কৰক। শান্তিৰে অভিনয় কৰিবলৈ সুবিধা দিয়ক। ভ্ৰাম্যমান থিয়েটাৰ এখন অসমৰ আৱেগ। আমি শিল্পী আপোনালোকৰ কাৰণেই হৈছো। নিজৰ ঠাইখনৰ সন্মান ৰাখক।’’
এই ঘটনাৰ কিছু সময়ৰ পাছতেই অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, শিৱসাগৰৰ খনামুখত অনুষ্ঠিত থিয়েটাৰৰ প্ৰথম দিনাও দৰ্শকৰ মাজৰ পৰা কোনো লোকে অপ্ৰীতিকৰ শব্দ ব্যৱহাৰ কৰিছিল। কিন্তু থিয়েটাৰ আয়োজকে ব্যৱস্থা ল’ব বুলি কোৱাত তেওঁলোকে একো নক’লে বুলি জনায়। দ্বিতীয় দিনা একে ধৰণেৰে চিঞৰি মঞ্চত থকা শিল্পীক অশ্লীল ভাষা প্ৰয়োগ কৰাত তেওঁ অতিষ্ঠ হৈ মঞ্চৰ পৰে আৰু সেই কাণ্ড সংঘটিত কৰা ৰাইজলৈ তেনে নকৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতেই তেওঁলোকে নাটক সম্পূৰ্ণ কৰে। এইখিনিতেই মন কৰিবলগীয়া যে, নাটক মঞ্চস্থ হোৱাৰ পাছতেই আয়োজক সমিতিৰ এগৰাকী ব্যক্তিয়ে কহিনুৰ থিয়েটাৰৰ লোকসকলৰ সৈতে বাক–বিতণ্ডাত লিপ্ত হোৱাৰো অভিযোগ উত্থাপিত হৈছে। অৱশ্যে, আয়োজক সমিতিৰ অন্যান্য সদস্যলকলে কহিনুৰ থিয়েটাৰৰ লোকসকলৰ সৈতে সহযোগ কৰে বুলিও অভিনেত্ৰীগৰাকীয়ে জনায়।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 17, 2023, 14:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।