• Home
  • »
  • News
  • »
  • assam
  • »
  • Koch-Rajbongshi: কোচ-ৰাজবংশী অধ্যুষিত অঞ্চলৰ  প্ৰাথমিক বিদ্যালয়ত ৰাজবংশী ভাষাত পাঠদানৰ দাবী, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Koch-Rajbongshi: কোচ-ৰাজবংশী অধ্যুষিত অঞ্চলৰ  প্ৰাথমিক বিদ্যালয়ত ৰাজবংশী ভাষাত পাঠদানৰ দাবী, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Koch-Rajbongshi: পশ্চিমবংগ চৰকাৰে দুশ খন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপনৰ নিচিনাকৈ অসমতো দুশ খন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰি ৰাজবংশী ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ বাবে দাবী জনায়।

Koch-Rajbongshi: পশ্চিমবংগ চৰকাৰে দুশ খন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপনৰ নিচিনাকৈ অসমতো দুশ খন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰি ৰাজবংশী ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ বাবে দাবী জনায়।

Koch-Rajbongshi: পশ্চিমবংগ চৰকাৰে দুশ খন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপনৰ নিচিনাকৈ অসমতো দুশ খন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰি ৰাজবংশী ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ বাবে দাবী জনায়।

  • Share this:
ৰাজনৈতিক, শৈক্ষিক, আৰ্থ-সামাজিক আদি সকলো দিশতে পিছ পৰি থকা অসমৰ অন্যতম ভূমিপুত্ৰ কোচ-ৰাজবংশী (Koch-Rajbongshi) জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যাসমুহ সমাধানৰ দাবীত শনিবাৰে কোচ-ৰাজবংশী সাহিত্য সভাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে দেওবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে সাংবাদিকক এই বিষয়ে জানিবলৈ দিয়ে।

কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকত আৰু সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনৰ নেতৃত্বত কোচ-ৰাজবংশী সাহিত্য সভাৰ  এটা সঁজাতি দলে শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক  মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰখনত কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষা নীতি ২০২০ (NEP 2020) অনুসৰি ২০২১-২২ শিক্ষা বৰ্ষত অসমৰ ৰাজবংশী অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়বোৰত নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৰাজবংশী  ভাষা মাধ্যমত (Rajbongshi Language Medium) পাঠদান কৰাৰ বাবে দাবী জনায় । কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত ৰাজবংশী ভাষাক চৰকাৰী সহযোগী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ  লগতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বাৰ্ষিক বাজেটত ৰাজবংশী ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে যুটীয়া পূঁজি ধাৰ্য কৰাৰ বাবে স্মাৰক পত্ৰ যোগে মুখ্যমন্ত্ৰীগৰাকীক দাবী জনায় ।

কমতাপুৰ স্বায়ত্ব শাসিত পৰিসদৰ অন্তৰ্বৰ্তীকালিন পৰিষদখনৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰি কোচ ৰাজবংশী সাহিত্য সভাৰ (Koch-Rajbongshi Sahitya Sabha) পৰা কমেও তিনি গৰাকী কাৰ্য্যবাহী সদস্য নিযুক্তি  আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদতো  কোচ-ৰাজবংশী সাহিত্য সভাৰ  পৰা সদস্য  নিযুক্তি দিয়াৰ বাবে উক্ত স্মাৰক পত্ৰ যোগে মুখ্যমন্ত্ৰী গৰাকীক দাবী জনায় কোচ-ৰাজবংশী সাহিত্য সভাই ।

পশ্চিমবংগ চৰকাৰে দুশ খন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপনৰ নিচিনাকৈ অসমতো দুশ খন ৰাজবংশী ভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰি ৰাজবংশী ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ বাবে দাবী জনায়।

কোচ ৰাজবংশী জনগোষ্ঠীৰ উগ্ৰপন্থী সংগঠন কে এল অ' (KLO)ৰ লগত শান্তি আলোচনা কৰি সমস্যা সমাধানৰো দাবী জনায় । ইয়াৰ উপৰি অবিভক্ত গোৱালপাৰা জিলাৰ এম অ' বি চি ষ্টেটাচৰ  ৰাজবংশী লোকসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰি পিছ পৰি থকা কোচ ৰাজবংশী সকলক উন্নয়নৰ দিশে আগবঢ়াই নিবলৈ স্মাৰক পত্ৰ যোগে  দাবী জনায় কোচ ৰাজবংশী সাহিত্য সভাই ।
Published by:Manjumoni Borah
First published: