NRCত কিয় নাম নাহিল ডঃ জিতেন্দ্ৰনাথ গোস্বামীৰ? জানক সত্য

News18
Updated:September 4, 2019, 2:03 PM IST
NRCত কিয় নাম নাহিল ডঃ জিতেন্দ্ৰনাথ গোস্বামীৰ? জানক সত্য
একাংশ সংবাদমাধ্যমত প্ৰকাশ পাইছিল ডঃ জিতেন্দ্ৰনাথ গোস্বামীৰ নাম NRCত নহাৰ কথা।

একাংশ সংবাদমাধ্যমত প্ৰকাশ পাইছিল ডঃ জিতেন্দ্ৰনাথ গোস্বামীৰ নাম NRCত নহাৰ কথা।

  • News18
  • Last Updated: September 4, 2019, 2:03 PM IST
  • Share this:
দেশৰ শীৰ্ষস্থানীয় মহাকাশ বিজ্ঞানী অসম সন্তান ডঃ জিতেন্দ্ৰনাথ গোস্বামীৰ নাম NRCত অন্তৰ্ভুক্ত নোহাৱাক লৈ একাংশ সংবাদমাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ এই খবৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোস্বামীৰ পৰিয়ালে। একাংশ সংবাদমাধ্যমৰ উদ্বেগৰ বিপৰীতে পৰিয়ালে প্ৰকাশ কৰিছে ডঃ গোস্বামীয়ে বিশ বছৰ পূৰ্বেই গুজৰাটৰ আহমেদাবাদৰ স্থায়ী বাসিন্দা হৈছিল আৰু আহমেদাবাদৰ ভোটাৰ তালিকাতো তেওঁৰ নাম আছে। অসমৰ NRC উন্নীতকৰণত যিহেতু তেওঁ আবেদনেই কৰা নাই গতিকে তেওঁৰ নাম কৰপৰা আহিব বুলি প্ৰশ্ন কৰা হৈছে। উল্লেখযোগ্য যে মঙলবাৰে চন্দ্ৰায়ন–২ক লৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰিৰ আঁত ধরি একাংশ স্থানীয় সংবাদগোষ্ঠীয়ে বিজ্ঞানীগৰাকীৰ নাম NRCত নহাৰ কথা প্ৰকাশ কৰিচিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি