• Home
  • »
  • News
  • »
  • assam
  • »
  • আপুনি লাভ কৰিবনে ‘অৰুণোদয়’ আঁচনিৰ সুবিধা? এই প্ৰতিবেদন চাওক আৰু নিশ্চিত হওক

আপুনি লাভ কৰিবনে ‘অৰুণোদয়’ আঁচনিৰ সুবিধা? এই প্ৰতিবেদন চাওক আৰু নিশ্চিত হওক

আৰ্থিকভাৱে পিছপৰা প্ৰতিটো পৰিয়াললৈ মাহিলী ৮৩০ টকাকৈ আগবঢ়োৱা হ’ব৷

আৰ্থিকভাৱে পিছপৰা প্ৰতিটো পৰিয়াললৈ মাহিলী ৮৩০ টকাকৈ আগবঢ়োৱা হ’ব৷

আৰ্থিকভাৱে পিছপৰা প্ৰতিটো পৰিয়াললৈ মাহিলী ৮৩০ টকাকৈ আগবঢ়োৱা হ’ব৷

  • Share this:
ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰা পৰিয়াললৈ মাহিলী ৮৩০ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অৰুণোদয় আঁচনিৰ জৰিয়তে আগবঢ়োৱা হ’ব এই ধন। অষ্টাদশী মুকুতাৰ মালা শিতানৰ অধীনত ‘অৰুণোদয়’ আঁচনিৰ আৰম্ভণি কৰা হৈছে৷ আৰ্থিকভাৱে পিছপৰা প্ৰতিটো পৰিয়াললৈ মাহিলী ৮৩০ টকাকৈ আগবঢ়োৱা হ’ব৷

কোন লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা :
⇒ বিধবা মহিলাসকলে প্ৰথম অগ্ৰাধিকাৰ পাব এই আঁচনিত ( চৰকাৰী পেঞ্চনাৰ নহয়)।
⇒ অবিবাহিত ছোৱালী, দিব্যাংগ ব্যক্তি থকা পৰিয়াল, বিবাহ বিচ্ছেদ হৈ ঘৰলৈ ঘূৰি অহা মহিলাই লাভ কৰিব সুবিধা
⇒ বিনামুলীয়া ৰেচন কাৰ্ড নোহোৱা পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব।
⇒ হিতাধিকাৰী পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হ’ব লাগিব৷

কোনে নাপাব এই আঁচনিৰ সুবিধা :
⇒ ১৫ বিঘা মাটি থকা পৰিয়ালে এই আঁচনিৰ সুবিধা নাপাব।
⇒ ঘৰত চাৰিচকীয়া বাহন, ফ্ৰীজ, এয়াৰ কণ্ডিচনাৰ, ট্ৰেক্টৰ থকা কৃষকৰ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ নকৰিব।
⇒ যদি কোনো পৰিয়ালত মহিলা সদস্য নাথাকে, তেনে পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ নকৰিব৷
⇒ চাকৰিয়াল, অৱসৰপ্ৰাপ্ত চাকৰিয়াল, চিকিৎসক, অভিযন্তা, উকীল, চৰকাৰী বিষয়া আদি পৰিয়ালৰ লোক থকা কোনো পৰিয়ালেই আঁচনিত অন্তৰ্ভুক্ত নহ’ব৷

১৫ ছেপ্টেম্বৰৰ ভিতৰত হিতাধিকাৰীৰ নিৰ্বাচন শেষ কৰিব৷ ১৫–৩০ ছেপ্টেম্বৰৰ ভিতৰত সহায়কসকলে পজ–পত্ৰ বিতৰণ কৰিব৷ ইতিমধ্যে জিলা উপাযুক্তক নিৰ্দেশ দিছে সহায়ক নিযুক্তিৰ বাবে৷ ২ অক্টোবৰৰ পৰা ২ নবেম্বৰৰ ভিতৰত প্ৰথম কিস্তিৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে। ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব। এই আঁচনিৰ জৰিয়তে বিহুৰ বতৰত, বানপানীৰ সময়ত, পূজাৰ সময়ত আৰু ল’ৰা–ছোৱালীৰ নামভৰ্তিৰ সময়ত ১০০০ টকাকৈ দিব চৰকাৰে৷
Published by:Sanjay Kumar Das
First published: