JEE Main 2020: নকল পৰীক্ষাৰ্থীয়ে ২০লাখ টকা লৈ ৯৯.৮% নম্বৰ দিয়াইছিল গুৱাহাটীৰ চিকিত্‍সক দম্পত্তিৰ পুত্ৰক, এইটো ভুলৰ কাৰণেই আৰক্ষীৰ জালত পৰিল বিশিষ্ট চিকিত্‍সক পিতাসহ ৫জন কালপ্ৰীট!

News18 Assam | News18-Assam
Updated:October 29, 2020, 12:31 PM IST
JEE Main 2020: নকল পৰীক্ষাৰ্থীয়ে ২০লাখ টকা লৈ ৯৯.৮% নম্বৰ দিয়াইছিল গুৱাহাটীৰ চিকিত্‍সক দম্পত্তিৰ পুত্ৰক, এইটো ভুলৰ কাৰণেই আৰক্ষীৰ জালত পৰিল বিশিষ্ট চিকিত্‍সক পিতাসহ ৫জন কালপ্ৰীট!
পৰীক্ষাত অভাৱনীয় ফলাফল কৰি বন্ধুৰ আগত টেলিফোনত প্ৰকাশ কৰিছিল চিকিৎসক পুত্ৰই।

পৰীক্ষাত অভাৱনীয় ফলাফল কৰি বন্ধুৰ আগত টেলিফোনত প্ৰকাশ কৰিছিল চিকিৎসক পুত্ৰই।

  • Share this:
টকা থাকিলে সকলো ক্ৰয় কৰিব পাৰি আৰু এই ধাৰণাৰে পুত্ৰৰ কেৰিয়াৰ গঢ়াৰ পৰিকল্পনা কৰি ৰঙাঘৰত সোমাল মহানগৰীৰ এজন বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ। JEE (মেইন)ত পুত্ৰক ২০ লাখ টকাৰ বিনিময়ত পৰীক্ষাত নবহাকৈ উত্তীৰ্ণ কৰোৱা মহানগৰীৰ বিশিষ্ট চিকিৎসক জ্যোতিৰ্ময় দাস সহ ৫ জনক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। যোৱা ২৩ অক্টোবৰত আজাৰা থানাত মিত্ৰদেৱ মহন্ত নামৰ এজন ব্যক্তিয়ে ৰুজু কৰা ৬২৪/২০২০ নম্বৰৰ এক গোচৰত মুঠ ৫জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত আছে ডাউন টাউনৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ জ্যোতিৰ্ময় দাস, তেওঁৰ পুত্ৰ নীল নক্ষত্ৰ দাস, হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু তিৰুকমল পাঠক।

ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪১৯/৪০৬ ধাৰাত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। JEE( মেইন) পৰীক্ষাত টকাৰ বিনিময়ত পুত্ৰৰ সলনি আন ব্যক্তিক পৰীক্ষাত বহিবলৈ দি এই পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰিছিল নীল নক্ষত্ৰ দাসে।

কি ভুলৰ কাৰণে পৰিল ধৰা?

পৰীক্ষাত অভাৱনীয় সাফল্য লাভ কৰাৰ পিছত এজন বন্ধুৰ আগত কৈছিল চিকিৎসক পুত্ৰই। বন্ধুৰ আগত দিয়া টেলিফোনিক বাৰ্তালাপত ২০লাখ টকাৰে সফলতা ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছিল ছাত্ৰজনে। উল্লেখ্য যে, দুই চিকিত্‍সক পিতৃ–মাতৃৰ সন্তানজনে এই পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছিল।

পৰৱৰ্তী সময়ত ২৩ অক্টোবৰত মিত্ৰদেৱ মহন্ত নামৰ এজন ব্যক্তিয়ে ৰুজু কৰিছিল এক গোচৰ। এই গোচৰত ছাত্ৰগৰাকীয়ে তেওঁৰ বন্ধুৰ আগত পৰীক্ষাত নবহাকৈয়ে শীৰ্ষ স্থান লাভ কৰাৰ কথা সদৰী কৰিছিল। ৫ ছেপ্টেম্বৰ, ২০২০ত অনুষ্ঠিত হৈছিল JEEৰ এই পৰীক্ষা।

মিত্ৰদেৱ মহন্তই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা সমিতিকো এই ভয়ংকৰ কাণ্ডৰ বিষয়ে অৱগত কৰিছে। মহন্তৰ গোচৰৰ পিছতে মহানগৰ আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা লৈ অনুসন্ধান আৰু তদন্ত চলাই ৫জনক গ্ৰেপ্তাৰ কৰে। অতি তাৎপৰ্যপূৰ্ণ যে নীল নক্ষত্ৰ দাসৰ মাতৃও মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসক।

মূল্যবোধৰ অৱক্ষয়ৰ ইয়াতকৈ ভয়ংকৰ ছবি হয়তো থাকিব নোৱাৰে।
First published: October 29, 2020, 12:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading