১ ছেপ্তেম্বৰৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰচাৰ অভিযান, আইনী সাহাৰ্যৰ বাবে জমা হ’ল ২২ লক্ষাধিক টকা

News18 Assam | News18-Assam
Updated:August 31, 2020, 2:53 PM IST
১ ছেপ্তেম্বৰৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰচাৰ অভিযান, আইনী সাহাৰ্যৰ বাবে জমা হ’ল ২২ লক্ষাধিক টকা
বিজেপিৰ বিৰুদ্ধে সকলো আঞ্চলিক দল ঐকবদ্ধ হওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি

বিজেপিৰ বিৰুদ্ধে সকলো আঞ্চলিক দল ঐকবদ্ধ হওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত আন্দোলন চলি থকাৰ সময়ত প্ৰতিবাদী জনতাক উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতা অখিল গগৈক। এতিয়া প্ৰায় ৮ মাহ অখিল গগৈ কাৰাবন্দী হৈ আছে। বাৰে বাৰে নাকচ কৰা হৈছে অখিল গগৈৰ জামিন আবেদন। অহা ১ ছেপ্তেম্বৰৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰিব ব্যাপক প্ৰচাৰ অভিযান। সোমবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই।



গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতি মুখ্য কাৰ্য্যলয়ত অনুষ্ঠিত সংবাদ মেলত সমিতিৰ উপদেষ্টা আৰু গণ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক হুছেইন মহম্মদ ছাহজাহান আৰু ভাস্কো ডি শইকীয়াই বিজেপিৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো আঞ্চলিক দলক একেলগ হ’বলৈ আহ্বান জনায়। আঞ্চলিক দল সংগঠন আৰু শক্তি সমূহক ঐকবদ্ধ হোৱাৰ বাবে অগপক বাদ দি অন্যান্য দল সমূহ ক্ৰমে আঞ্চলিক গণ মৰ্চা, অসম সংগ্ৰামী মঞ্চ, সংযুক্ত আঞ্চলিক দল, এল ডিপি আৰু আপক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইফালে অখিল গগৈৰ আইনী সাহাৰ্যৰ বাবে এতিয়া লৈকে ২২ লাখ ২৫ হাজাৰ ১৪১ টকা জমা হৈছে বুলি জনাই সংগঠনটোৰ নেতা দুজনে।
Published by: Himangshu Bhuyan
First published: August 31, 2020, 2:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading