হোটেল তাজ ভিভাণ্টাত উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বৈঠক, KMSSৰ প্ৰতিবাদ

হোটেল তাজ ভিভাণ্টাৰ সন্মুখত অখিলক বাধা প্ৰদান কৰে আৰক্ষীয়ে।

News18-Assam
Updated:August 27, 2019, 11:10 AM IST
হোটেল তাজ ভিভাণ্টাত উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বৈঠক, KMSSৰ প্ৰতিবাদ
হোটেল তাজ ভিভাণ্টাৰ সন্মুখত অখিলক বাধা প্ৰদান কৰে আৰক্ষীয়ে।
News18-Assam
Updated: August 27, 2019, 11:10 AM IST
গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ বৈঠক। জলবিদ্যুৎ উৎপাদন সন্দৰ্ভত এই বৈঠকৰ আয়োজন। বৈঠকৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ঘোষণা। স্মাৰকপত্ৰ দিবলৈ যোৱা অখিল গগৈক বাধা আৰক্ষীৰ। হোটেল চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে স্মাৰকপত্ৰ দিবলৈ গৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। হোটেল তাজ ভিভাণ্টাৰ সন্মুখত অখিলক বাধা প্ৰদান কৰে আৰক্ষীয়ে। তাজ ভিভাণ্টাৰ সন্মুখৰ সলনি প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঠাইত কৃষক মুক্তিক প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় আৰক্ষী আয়ুক্তই।

তাজ ভিভাণ্টাৰ সন্মুখত অখিল গগৈক বাধা আৰক্ষীৰ :
আৰু চাওক পৰৱৰ্তী বাতৰি