உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত ৰঙিয়াত কৃষক মুক্তিৰ প্ৰতিবাদ

    নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত ৰঙিয়াত কৃষক মুক্তিৰ প্ৰতিবাদ

    পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ ৭ ঘণ্টীয়া অনশনত বহে সংগঠন দুটাই।

    পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ ৭ ঘণ্টীয়া অনশনত বহে সংগঠন দুটাই।

    পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ ৭ ঘণ্টীয়া অনশনত বহে সংগঠন দুটাই।

    • Share this:
      নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰাৰ দাবীত আৰু অসমবাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত ৰঙিয়াত প্ৰতিবাদ। ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষিভূমি আৰু পৰিৱেশ সংৰক্ষণ সমিতিৰ অনশন। পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ ৭ ঘণ্টীয়া অনশনত বহে সংগঠন দুটাই। অসম চৰকাৰে এই অসমবিৰোধী সিদ্ধান্ত অনতি পলমে বাতিল নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষিভূমি আৰু পৰিৱেশ সংৰক্ষণ সমিতিয়ে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়া লোকক ভূমিহীন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে।
      Published by:Sanjay Kumar Das
      First published: