চলিত মাহৰ ভিতৰতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ঐক্যবদ্ধ আৰু আপোচহীন আঞ্চলিক ৰাজনৈতিক দল ঘোষণা কৰা হ’ব ৷ এই কথা জানিবলৈ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াই৷ ৰাজনৈতিক দল গঠনক লৈ বঙাইগাঁৱত নামনি অসমৰ ৯খনকৈ জিলাৰ বুদ্ধিজীৱী, সমাজকৰ্মীৰে বৈঠক অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে সংগঠনটোৰ সভাপতি শইকীয়াই৷
ৰাজনৈতিক দল গঠনক সম্প্ৰতি তৎপৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি৷ আছু আৰু যুৱ ছাত্ৰ পৰিষদক জনোৱা ঐক্যবদ্ধ ৰাজনৈতিক দল গঠনৰ আহ্বান প্ৰত্যাখ্যান কৰাৰ পিছত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰিছে দল গঠনৰ কাম-কাজ৷
বঙাইগাঁৱৰ হোটেল চিকেত নামনি অসম ভিত্তিত বৈঠক অনুষ্ঠিত কৰি ৯খন জিলাৰ প্ৰতিনিধিৰ মতামত গ্ৰহণ কৰে৷ বঙাইগাঁৱৰ লগতে বৰপেটা, গোৱালপাৰা, ধুবুৰী, চিৰাং, কোকৰাঝাৰ, নলবাৰী, মানকাচৰ, বজালীকে ধৰি বিভিন্ন জিলাৰ বুদ্ধিজীৱী, শিক্ষাবিদ, সমাজকৰ্মীকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে এই সভাত৷
সভাৰ অন্তত চলিত মাহৰ ভিতৰতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজনৈতিক দল ঘোষণা কৰিব বুলি জানিবলৈ দিছে সভাপতি ভাস্কো ডি শইকীয়াই৷ আছু যুৱ ছাত্ৰ পৰিষদক ঐক্যবদ্ধ হোৱাৰ বাবে জনোৱা আহ্বান প্ৰত্যাখ্যান কৰাৰ ফলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদাৰতাক ভুল বুজিলে বুলি তেওঁ মন্তব্য কৰে৷
আনহাতে, ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৭০ সংগঠনৰ লগতে জনগোষ্ঠীয় সংগঠনৰ সহযোগত আপচবিহীন আঞ্চলিক ৰাজনৈতিক দল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷
সভাত সংগঠনটোৰ যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকা, প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰসহ বহু কেইগৰাকী নেতাই অংশগ্ৰহণ কৰে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 24, 2020, 09:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।