মুখ্যপৃষ্ঠা »খবৰ »অসম »অখিল গগৈৰ ওপজা দিনতে কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল, অখিলৰ গৃহভূমিত আৱতৰীয়া দিপাৱলী-বিহু

অখিল গগৈৰ ওপজা দিনতে কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল, অখিলৰ গৃহভূমিত আৱতৰীয়া দিপাৱলী-বিহু

গাঁৱৰ নামঘৰত সমূহ গাঁওবাসীয়ে কেক কাটি পালন কৰিলে কৃষক নেতাগৰাকীৰ ৪৬সংখ্যক ওপজা দিন।

গাঁৱৰ নামঘৰত সমূহ গাঁওবাসীয়ে কেক কাটি পালন কৰিলে কৃষক নেতাগৰাকীৰ ৪৬সংখ্যক ওপজা দিন।

গাঁৱৰ নামঘৰত সমূহ গাঁওবাসীয়ে কেক কাটি পালন কৰিলে কৃষক নেতাগৰাকীৰ ৪৬সংখ্যক ওপজা দিন।

  • Share this:
আজি কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ ওপজা দিন। এই দিনটোতে অসমত অংকুৰিত হ’ল এটা নতুন ৰাজনৈতিক দলৰ। কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল গঠনৰ পিছতে উৎফুল্লিত হৈ পৰিছে অখিল গগৈৰ মাতৃৰ লগতে সমূহ গাঁওবাসী। ফটকা ফুটাই, বিহু নাচি গাঁওবাসীৰ আনন্দ উল্লাস।

কৃষক মুক্তি তথা ৭০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দলটোক লৈ খুবেই আশাবাদী অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। শুকুৰবাৰে মৰিয়নী সমষ্টিৰ চেলেংহাট লুসুৰাখন গাঁৱত কাৰাৰুদ্ধ পুত্ৰ অখিল গগৈৰ ওপজা দিনৰ কেক কাটি পুত্ৰৰ জন্মদিন গাঁওবাসীৰ সৈতে উদযাপন কৰিলে মাতৃ প্ৰিয়দা গগৈয়ে।

গাঁৱৰ নামঘৰত সমূহ গাঁওবাসীয়ে কেক কাটি পালন কৰিলে কৃষক নেতাগৰাকীৰ ৪৬সংখ্যক ওপজা দিন। ইফালে নতুন আঞ্চলিক ৰাজনৈতিক দলটোলৈ আৰ্শীবাদ দি আহ্বান জনালে খাতিখোৱা খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে কাম কৰাৰ বাবে।

নতুন ৰাজনৈতিক দল ৰাইজৰ দল গঠন হোৱাৰ খবৰ পোৱাৰ পিছতে উৎফুল্লিত হৈ পৰে অখিল গগৈৰ গাঁওবাসী। গাঁৱৰ পুৰুষ–মহিলা ৰাজপথলৈ ওলাই আহি ফটকা ফুটাই, বিহু নাচি আনন্দ প্ৰকাশ কৰে। নতুন ৰাজনৈতিক দলটোৱে বিজেপিৰ অপশাসন ওফৰাবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰে গাঁওবাসীয়ে।

শেহতীয়া বাতৰি