• Home
  • »
  • News
  • »
  • assam
  • »
  • শিলসাঁকোৰ উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন সন্দৰ্ভত জনতা ভৱনত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰে বৈঠক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

শিলসাঁকোৰ উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন সন্দৰ্ভত জনতা ভৱনত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰে বৈঠক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  বোন্দা জান পুতি জয়ন্ত মল্ল বৰুৱাই ব্যক্তিগত পথ নিৰ্মাণ কৰাক লৈ সমালোচনা কৰে। 

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  বোন্দা জান পুতি জয়ন্ত মল্ল বৰুৱাই ব্যক্তিগত পথ নিৰ্মাণ কৰাক লৈ সমালোচনা কৰে। 

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  বোন্দা জান পুতি জয়ন্ত মল্ল বৰুৱাই ব্যক্তিগত পথ নিৰ্মাণ কৰাক লৈ সমালোচনা কৰে। 

  • Share this:
শিলসাঁকোৰ উচ্ছেদিত লোকক পুনৰ সংস্থাপন সন্দৰ্ভত জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক।কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মাজত বৈঠক সম্পন্ন। ২২ জনীয়া প্ৰতিনিধিৰ দলে সাক্ষাৎ কৰিলে মন্ত্ৰী পেগুক। লগতে প্ৰদান কৰে স্মাৰকপত্ৰ।

আলোচনা আশাব্যঞ্জক হোৱা বুলি মন্তব্য ধৈৰ্য কোঁৱৰৰ। পূজাৰ পিছতেই মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই পৰিদৰ্শন কৰিব শিলসাঁকো।

পূজাৰ পিছতেই শিলসাঁকোৰ পাৰত বাস কৰা লোকসকলৰ সৈতে কথা পতাৰ আশ্বাস দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিলসাঁকোৰ পাৰত বাস কৰা লোকসকলৰ ওচৰলৈও যাব মন্ত্ৰী।

উচ্ছেদিতসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰো আশ্বাস দিয়াৰ লগতে শিলসাঁকোত মন্ত্ৰীৰ ঘৰ থাকিলেও ভাঙিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰণোজ পেগুৱে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মতে, শিলসাঁকোৰ উচ্ছেদ অভিযানত বৈষম্য হৈছে।

১৪৭টা পৰিয়ালৰ তালিকা ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী পেগুক প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বৈঠকত ভূমি পত্তা সন্দৰ্ভতো আলোচনা কৰা হয়।

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  বোন্দা জান পুতি জয়ন্ত মল্ল বৰুৱাই ব্যক্তিগত পথ নিৰ্মাণ কৰাক লৈ সমালোচনা কৰে।
Published by:Gautam Barman
First published: