গামোচা প্ৰতিজন অসমীয়াৰ স্বাভিমান। শুভ কামৰ পৰা আৰম্ভ কৰি দৈনিক বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰা হয় গামোচাখন। যেতিয়া অসমীয়াৰ গামোচা এখন প্ৰধানমন্ত্ৰী, দেশৰ আগশাৰীৰ ব্যক্তি, বিদেশৰ মানুহৰ ডিঙিত দেখো আমি গৌৰৱ অনুভৱ কৰো। কিন্তু এই গামোচাখনক লৈ এতিয়া সৃষ্টি কৰা হৈছে বিতৰ্কৰ (Gamocha Controversy)।
৬ মাৰ্চত সৃষ্টি হৈছিল এই বিতৰ্কৰ। বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা বুজাবলৈ গামোচাখনকে কৰিলে অপমান! ‘মালিগাওঁ বাংলা সাহিত্য সভা’ই কৰিলে এই কাণ্ড। অসমীয়া গামোচা আৰু বাংলা গামচা কাটি একেলগ কৰি সম্বৰ্ধনা জনোৱা হ’ল অনুষ্ঠানত উপস্থিত থকা অতিথিক।
ইয়াৰ পিছতে সমগ্ৰ অসমতে উঠিল প্ৰতিবাদৰ জোৱাৰ। সোমবাৰে বিয়লি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ চানমাৰি থানাত দাখিল কৰিলে এজাহাৰ ৷ বাংলা সাহিত্য সভাই অসমীয়াৰ বুকুত প্ৰচণ্ড গোৰ শোধোৱাৰ অভিযোগ কৃষ মুক্তিৰ৷
আনহাতে, GI টেগ লাভ কৰা কোনো এটা সামগ্ৰীৰে বিকৃত কৰণ কৰিব নোৱাৰে বুলি দাবী কৰে সংগঠনটোৱে৷ ইপিনে, বাংলা সাহিত্য সভাৰ সভাপতি সম্পাদক, ৰণোজ পেগু, শিলাদেত্য দেৱ, ননীগোপাল মহন্তক তদন্তৰ আওতালৈ অনাৰ দাবী জনালে সংগঠনটোৱে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 28, 2023, 10:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।